
ওদালগুৰি, ৩০ অক্টোবৰঃ আজি ২৪ সংখ্যক ওদালগুৰি জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত জিলা দিৱসৰ কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), ওদালগুৰি জিলা সমিতিৰ সভাপতি বিকাশ শৰ্মাই অতিথি হিচাপে উপস্থিত থাকি সংগঠনটোক প্ৰতিনিধিত্ব কৰে। তেওঁৰ সৈতে জিলা সমিতিৰ সাংগঠনিক সম্পাদক সুৰজ ঘিমিৰে আৰু জিলা কাৰ্যনিৰ্বাহক সদস্যদ্বয় ব্ৰহ্ম উপাধ্যায়, ৰাম বস্নেতেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।
এই উপলক্ষে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), ওদালগুৰি জিলা সমিতিয়ে জিলাখনৰ সমূহ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। লগতে, ওদালগুৰি জিলাৰ গৌৰৱ, মৰ্যাদা আৰু স্বাভিমান ৰক্ষাৰ্থে আত্মবলিদান দিয়া প্ৰতিগৰাকী বীৰ-বীৰাংগনা তথা শ্বহীদৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ অতুলনীয় ত্যাগ আৰু বীৰত্বক শ্ৰদ্ধাৰে স্মৰণ কৰে।
জিলাখনৰ ঐতিহ্য, গৌৰৱ আৰু মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে শান্তি, সম্প্ৰীতি, ঐক্য আৰু প্ৰগতিৰ দিশত সকলোৰে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথাও এই গৌৰৱময় দিৱসে পুনৰ সোঁৱৰাই দিয়ে।
প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি।