All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #55
•
November 5, 2026

গহপুৰ–ৰাজগড়ৰ গুলীচালনাৰ ঘটনাত ভুক্তভোগী পৰিয়ালৰ কাষত আগছুৰ কেন্দ্ৰীয় আৰু বিশ্বনাথ জিলা সমিতি

📅 November 5, 2026
✍️ AAGSU
🕒 12:02 AM

বিশ্বনাথ, ১ নৱেম্বৰ ২০২৬, দেওবাৰ: আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলে বিশ্বনাথ জিলা সমিতিৰ সৈতে গহপুৰ–ৰাজগড়ৰ গুলীচালনাৰ ঘটনাত ভুক্তভোগী পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে।

উক্ত প্ৰতিনিধি দলটোত আগছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমৰাজ সোণাৰ, সাংগঠনিক সম্পাদকদ্বয় দীপক চুব্বা আৰু কিৰণ খড়কা, কাৰ্যালয় সম্পাদক লক্ষী শৰ্মা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল সুতাৰ উপস্থিত থাকে। লগতে আগছু বিশ্বনাথ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তৰুণ পৌড়েল, সাধাৰণ সম্পাদক নবদীপ ছেত্ৰী আৰু উপ-সভাপতি সূৰ্য কাৰ্কীও উপস্থিত থাকে।

প্ৰতিনিধি দলটোৱে ভুক্তভোগী পৰিয়ালটোৰ সৈতে মত বিনিময় কৰি ঘটনাটোৰ এক ন্যায়সংগত তদন্ত আৰু ন্যায় প্ৰাপ্তিৰ বাবে আগছুৱে সকলো ধৰণৰ সাংগঠনিক সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

লগতে, দুৰ্ভগীয়া পৰিয়ালটোৰ কঠিন সময়ত আগছুৰ তৰফৰ পৰা আৰ্থিক সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিনিধি দলটোৱে আশ্বাস দিয়ে। আগছুৰ এই পদক্ষেপৰ প্ৰতি ভুক্তভোগী পৰিয়ালটোৱে কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰতিবেদক : নবদীপ ছেত্ৰী-সাধাৰণ সম্পাদক, বিশ্বনাথ জিলা সমিতি

📤 Share this story
Scroll to Top