
গুৱাহাটী, ৩০ অক্টোবৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাস্থিত মাৰ্গীজ নৰ্থ ইষ্টাৰ্ণ ডেলিকেচিত এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। সংগঠনটোৰ ইতিহাস, আদৰ্শ, সাংগঠনিক ভেটি আৰু কৰ্মপদ্ধতিৰ বিষয়ে কৰ্মকৰ্তাসকলক সম্যক ধাৰণা প্ৰদান কৰাৰ লগতে নেতৃত্বৰ দক্ষতা, অনুশাসন আৰু দায়িত্ববোধৰ বিকাশ সাধন কৰাই আছিল এই কৰ্মশালাৰ মূল উদ্দেশ্য।
কৰ্মশালাৰ প্ৰথম সত্ৰত ‘আগছু-ৰ পৰিচয় আৰু সাংগঠনিক ভেটি’ শীৰ্ষক বিষয়ত বিস্তৃত আলোচনা কৰা হয়। এই সত্ৰত সংগঠনটোৰ ঐতিহাসিক পৰিচয়, প্ৰতিষ্ঠাৰ পটভূমি আৰু উদ্দেশ্য, ক্ৰমবিকাশৰ ধাৰা তথা গোৰ্খা সমাজৰ প্ৰতি সংগঠনটোৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰা হয়। ইয়াৰ উপৰি, আগছু প্ৰতিষ্ঠাৰ পূৰ্বে বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা গোৰ্খা ছাত্ৰ সংগঠনসমূহৰ অৱদান আৰু সংগঠনটোৰ বৰ্তমানৰ সাংগঠনিক পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰা হয়।
কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি নিজৰ বহুমূলীয়া অভিজ্ঞতা, জ্ঞান আৰু পৰামৰ্শৰে অংশগ্ৰহণকাৰীসকলক সমৃদ্ধ কৰে আগছু-ৰ প্ৰাক্তন সভাপতি হৰ্ক বাহাদুৰ ছেত্ৰী, অসম চৰকাৰৰ অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ (AIIDC) পৰিচালন সঞ্চালক তথা ACS বিষয়া ৰাজীৱ থাপা আৰু অসম চৰকাৰৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা বিষয়া ড° অসীম বৰাই।
কৰ্মশালাৰ জৰিয়তে সংগঠনটোৰ গৌৰৱোজ্জ্বল ইতিহাস, আদৰ্শ আৰু সাংগঠনিক পৰম্পৰাৰ বিষয়ে কৰ্মকৰ্তাসকলৰ মাজত অধিক স্পষ্ট ধাৰণা গঢ়ি তোলাৰ লগতে দায়িত্বশীল নেতৃত্বৰ বিকাশ আৰু সাংগঠনিক কাৰ্যপদ্ধতিক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত মূল্যৱান অৱদান আগবঢ়োৱা প্ৰশিক্ষকসকলৰ প্ৰতি আগছু-ৰ কেন্দ্ৰীয় সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এক সুসংগঠিত, শৃংখলাবদ্ধ, গতিশীল আৰু শক্তিশালী সংগঠন গঢ়ি তোলাৰ দিশত এই কৰ্মশালাই বিশেষ ভূমিকা পালন কৰিব বুলি কেন্দ্ৰীয় সমিতিয়ে আশা প্ৰকাশ কৰে।
প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি।