All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #57
•
November 19, 2026

আগ্ছুৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে ওদালগুৰি জিলা সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ মত-বিনিময়

📅 November 19, 2026
✍️ AAGSU
🕒 12:02 AM

গুৱাহাটী, ১৭ নৱেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ওদালগুৰি জিলা সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ এটি প্ৰতিনিধি দলে আগ্ছুৰ কেন্দ্ৰীয় সভাপতি শ্ৰী নোমল ছেত্ৰী আৰু সাধাৰণ সম্পাদক শ্ৰী সোমৰাজ সোণাৰৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি বিভিন্ন সাংগঠনিক আৰু শৈক্ষিক বিষয়ত মত-বিনিময় কৰে।

সাক্ষাৎকালত সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, জিলা সমিতিৰ আগন্তুক কাৰ্যপন্থা, আঞ্চলিক আৰু শাখা সমিতিসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু সামাজিক স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। কেন্দ্ৰীয় নেতৃত্বই জিলা সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিক আগন্তুক দিনৰ সাংগঠনিক দায়িত্ব আৰু কৰ্মপন্থা সন্দৰ্ভত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।

উক্ত প্ৰতিনিধি দলটোত আগ্ছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাম ছেত্ৰীৰ লগতে ওদালগুৰি জিলা সমিতিৰ সভাপতি বিকাশ শৰ্মা, উপ-সভাপতি দীপক অধিকাৰী, সাধাৰণ সম্পাদক ৰূপম আত্ৰেয়, সম্পাদক মনোজ কুমাৰ ৰাৱত, সাংগঠনিক সম্পাদক সুৰজ ছেত্ৰী, শিক্ষা সম্পাদক সঞ্জয় ছেত্ৰী আৰু ওদালগুৰি সদৰ আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক কিৰণ ছেত্ৰী উপস্থিত থাকে।

নৱনিৰ্বাচিত জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ দিহা-পৰামৰ্শ আৰু সাংগঠনিক আদৰ্শক সাৰোগত কৰি জিলাখনত সংগঠনৰ কাৰ্যকলাপ অধিক গতিশীল কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সামাজিক আৰু সাংগঠনিক উন্নয়নৰ দিশত নিষ্ঠাৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

প্ৰতিবেদক : সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, সদৌ ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থা।

📤 Share this story
Scroll to Top