
কোকৰাঝাৰ, ১৩ নৱেম্বৰঃ ওদালগুৰি জিলাৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাসমূহ সমাধান, শিক্ষাৰ আন্তঃগাঁথনিৰ উন্নয়ন, শিক্ষক নিযুক্তি আৰু নেপালী ভাষা, সাহিত্যৰ শৈক্ষিক প্ৰসাৰৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ওদালগুৰি জিলা সমিতিয়ে বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ সভাপতি বিকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰূপম আত্রেয়ৰ স্বাক্ষৰিত স্মাৰক-পত্ৰখনৰ জৰিয়তে জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ জৰুৰী হস্তক্ষেপ কামনা কৰা হয়।
স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি, টংলা মহাবিদ্যালয়ত নেপালী বিভাগৰ অভাৱৰ ফলত নেপালী ভাষা আৰু সাহিত্যত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে মহাবিদ্যালয়খনত পৰ্যাপ্ত আন্তঃগাঁথনি আৰু যোগ্য শিক্ষকসহ এটা পূৰ্ণাংগ নেপালী বিভাগ শীঘ্ৰে স্থাপন কৰাৰ দাবী জনোৱা হৈছে।
ইয়াৰ উপৰি জিলাখনৰ সাতখন উচ্চ মাধ্যমিক বিদ্যালয় ক্ৰমে শ্বিলংখুঁটি বিদ্যাপীঠ, বন্দৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, গলমাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, খোৱাৰাং উচ্চ মাধ্যমিক বিদ্যালয়, নেহৰু মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠানত নৱম আৰু দশম শ্ৰেণীত নেপালী আধুনিক ভাৰতীয় ভাষা (MIL) অধ্যয়নৰ সুবিধা থাকিলেও নিয়মীয়া শিক্ষক নথকাৰ বিষয়টো উদ্বেগজনক বুলি উল্লেখ কৰা হৈছে। একেদৰে নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শেখৰ শংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিমাকুছি মহাবিদ্যালয়তো একেধৰণৰ সমস্যাৰ কথা উল্লেখ কৰি অস্থায়ীভাৱে হ’লেও শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনোৱা হৈছে।
আনহাতে, জিলাখনৰ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈ বিভিন্ন বিদ্যালয়ত বিষয়ভিত্তিক শিক্ষকৰ অভাৱ পূৰণৰ বাবে শিক্ষক পদসমূহৰ এক সামগ্ৰিক জৰীপ কৰি পৰ্যাপ্ত যোগ্য শিক্ষক নিযুক্তি আৰু সঠিক বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
বামুনজুলি, বৃহত্তৰ বঙাগাঁও, খুচুৰাবাৰী, ৰঙামাখা আৰু খাওঁৰাং অঞ্চলত উচ্চ শিক্ষাৰ পৰ্যাপ্ত সুবিধা নথকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত বহু দূৰলৈ যাবলগীয়া হয়। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা গ্ৰহণত দেখা দিয়া অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অঞ্চলত এখন আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰা হৈছে।
ইয়াৰ সমান্তৰালকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত নেপালী বিষয়ত স্নাতকোত্তৰ (এম.এ.) পাঠ্যক্ৰম প্ৰৱৰ্তনৰ দাবী জনোৱা হৈছে। জ্ঞানপীঠ ডিগ্ৰী কলেজ, কে.বি.আৰ. ডিগ্ৰী কলেজ আৰু বিশ্বনাথ কলেজত নেপালী বিষয়ত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ অধিক সুচল কৰাৰ স্বাৰ্থত এই পদক্ষেপৰ প্ৰয়োজনীয়তাৰ কথা স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে।
আন এটা গুৰুত্বপূৰ্ণ দাবী হিচাপে আগন্তুক শীতকালত ওদালগুৰি জিলা সদৰত এখন জিলা পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে বিটিচিৰ শিক্ষা বিভাগক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। গ্ৰন্থমেলাত অসমীয়া, বড়ো, নেপালীসহ বিভিন্ন ভাষাৰ গ্ৰন্থ আৰু সাহিত্যৰাজি প্ৰদৰ্শনৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন-সংস্কৃতি, জ্ঞানচৰ্চা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
স্মাৰক-পত্ৰৰ সামৰণিত আগ্ছু ওদালগুৰি জিলা সমিতিয়ে জিলাখনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰা, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সমান শিক্ষাৰ সুযোগ নিশ্চিত কৰা আৰু নেপালী ভাষা-সাহিত্যৰ বিকাশৰ স্বাৰ্থত উত্থাপিত দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ বিশেষ হস্তক্ষেপ কামনা কৰে। লগতে শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ সকলো গঠনমূলক পদক্ষেপত সংগঠনটোৱে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
প্ৰতিবেদক: শ্ৰী সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি ।