
ওদালগুৰি, ১৭ নৱেম্বৰ: গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মান উন্নয়ন, উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰণ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদানৰ লক্ষ্যৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ওদালগুৰি জিলা সমিতিয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
এই উদ্দেশ্যে জিলা সমিতিৰ সভাপতি শ্ৰী বিকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰী ৰূপম আত্ৰেয়ৰ নেতৃত্বত এটি প্ৰতিনিধি দলে অভিকল্প IAS একাডেমী তথা পূৰ্বায়ণ পাব্লিকেচনৰ প্ৰতিষ্ঠাপক ড° অমৃত উপাধ্যায়, ভাৰ্ছেটাইল এডুকেচন এণ্ড কেৰিয়াৰৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া (CEO) আছিফ আহমেদ আৰু গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী প্ৰেম তামাঙক সৌজন্যমূলক সাক্ষাৎ কৰে।
সাক্ষাৎকালত গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ বৰ্তমানৰ শৈক্ষিক অৱস্থা, উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, কেৰিয়াৰ নিৰ্বাচন আৰু উপযুক্ত দিহা-পৰামৰ্শৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ অসম চৰকাৰৰ বিভিন্ন নিযুক্তি পৰীক্ষাকে ধৰি APSC, UPSC আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত প্ৰশিক্ষণ, শৈক্ষিক দিশ-নিৰ্দেশনা আৰু প্ৰস্তুতিৰ পৰিৱেশ প্ৰদানৰ বিষয়টো আলোচনাত গুৰুত্ব লাভ কৰে।
লগতে, আগন্তুক দিনত গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ স্বাৰ্থত অভিজ্ঞ শিক্ষাবিদ, শৈক্ষিক প্ৰতিষ্ঠান আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰি বিভিন্ন শৈক্ষিক কাৰ্যসূচী ৰূপায়ণৰ সম্ভাৱনাৰ বিষয়েও মত-বিনিময় কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলা, উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
আগ্ছু, ওদালগুৰি জিলা সমিতিয়ে শিক্ষা বিভাগৰ জৰিয়তে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচী গ্ৰহণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই ধাৰাবাহিকতাৰে এই সাক্ষাৎক এক সুদূৰপ্ৰসাৰী শৈক্ষিক পৰিকল্পনা বাস্তৱায়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
উক্ত প্ৰতিনিধি দলটোত আগ্ছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাম ছেত্ৰীৰ লগতে জিলা সমিতিৰ সভাপতি বিকাশ শৰ্মা, উপ-সভাপতি দীপক অধিকাৰী, সাধাৰণ সম্পাদক ৰূপম আত্ৰেয়, সম্পাদক মনোজ কুমাৰ ৰাৱত, সাংগঠনিক সম্পাদক সুৰজ ছেত্ৰী, শিক্ষা সম্পাদক সঞ্জয় ছেত্ৰী আৰু ওদালগুৰি সদৰ আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক কিৰণ ছেত্ৰী উপস্থিত থাকে।
গোৰ্খা ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত অধিক শক্তিশালী কৰি তোলা, তেওঁলোকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰা আৰু প্ৰতিযোগিতামূলক পৰিৱেশত আগবাঢ়ি যোৱাৰ উপযোগী কৰি তোলাই আগ্ছু, ওদালগুৰি জিলা সমিতিৰ এই প্ৰচেষ্টাৰ মূল লক্ষ্য।
প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, সদৌ ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থা।