
চৰাইদেউ, ২১ জুলাই ২০২৬: শেহতীয়াভাৱে নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বানপানীৰ মাজতে ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় দিয়ে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), চৰাইদেউ জিলা সমিতিয়ে। সংগঠনটোৰ এটি সঁজাতি দলে জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি অনিদ্ৰা অনাহাৰে দিন অতিবাহিত কৰা দুৰ্ভগীয়া পৰিয়ালৰ মাজত বিস্কুট, বিশুদ্ধ খোৱাপানী আৰু আন আন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
সাহায্য বিতৰণ কাৰ্যসূচীৰ সময়ত প্ৰতিনিধি দলটোৱে বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা, প্ৰয়োজনীয়তা আৰু বৰ্তমান পৰিস্থিতিৰ বুজ লয়। ইতিমধ্যে বানৰ ফলত বহু পৰিয়াল বাসগৃহ, কৃষিভূমি আৰু জীৱিকাৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে খাদ্য, বিশুদ্ধ খোৱাপানী আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ অভাৱত জীয়াই থাকিবলৈকো সংগ্ৰাম কৰি থকা বুলিও দলটোৱে লক্ষ্য কৰে।
আগ্ছু চৰাইদেউ জিলা সমিতিয়ে জানিবলৈ দিয়ে যে, মানৱীয় দায়বদ্ধতাৰ অংশ হিচাপে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিয়া সংগঠনটোৰ অন্যতম লক্ষ্য। সামৰ্থ অনুসৰি আগন্তুক দিনতো সাহায্য আৰু সহযোগিতামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সংগঠনটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।
লগতে সংগঠনটোৱে চৰকাৰ আৰু জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিয়মীয়াভাৱে সাহায্য সামগ্ৰী যোগান ধৰা, স্বাস্থ্যসেৱা প্ৰদান কৰা আৰু বিশুদ্ধ খোৱাপানীৰ লগতে পুনৰ সংস্থাপনৰ প্ৰদান কৰিবলৈও আহ্বান জনায়। আগ্ছু-এ সমাজৰ সকলো স্তৰৰ ব্যক্তি, সামাজিক সংগঠন আৰু স্বেচ্ছাসেৱীসকলকো বানাক্ৰান্ত পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই কয় যে, সন্মিলিত প্ৰচেষ্টাইহে দুৰ্যোগৰ এই কঠিন সময়ত অসহায় লোকসকলক নতুন আশাৰ বাট দেখুৱাব।
প্ৰতিবেদক: শ্ৰী ৰোহিত ৰাই, উপ সভাপতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতি।