All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #40
July 23, 2026

বানাক্ৰান্ত বিহুবৰ অঞ্চল পৰিদৰ্শন আগ্ছু শিৱসাগৰ জিলা সমিতিৰ ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন আৰু তাৎক্ষণিক সাহায্য প্ৰদানৰ দাবী।

📅 July 23, 2026
✍️ AAGSU
🕒 12:05 AM

শিৱসাগৰ, ২১ জুলাই ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) শিৱসাগৰ জিলা সমিতিৰ এটি সঁজাতি দলে শেহতীয়াকৈ বানপানীত জৰ্জৰিত বিহুবৰ অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত-বিনিময় কৰে। পৰিদৰ্শনকালত দলটোৱে বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে প্ৰত্যক্ষভাৱে অৱগত হয়।

প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ বিভিন্ন বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বাসগৃহ, কৃষিভূমি, গৃহস্থালীৰ সামগ্ৰী আৰু জীৱিকাৰ ওপৰত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়। স্থানীয় ৰাইজে বানৰ ফলত উদ্ভৱ হোৱা খাদ্য সংকট, বিশুদ্ধ খোৱাপানীৰ অভাৱ, স্বাস্থ্যজনিত সমস্যা আৰু পুনৰ বাসস্থান গঢ়ি তোলাৰ ক্ষেত্ৰত সন্মুখীন হোৱা দুৰ্ভোগৰ কথাও সংগঠনটোৰ সন্মুখত দাঙি ধৰে।

আগ্ছু শিৱসাগৰ জিলা সমিতিয়ে কয় যে, এই দুৰ্যোগৰ সময়ত সংগঠনটোৱে ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থকাৰ নৈতিক দায়িত্ব পালন কৰাৰ উদ্দেশ্যে অঞ্চলটো পৰিদৰ্শন কৰিছে। যদিও তাৎক্ষণিকভাৱে বৃহৎ পৰিসৰৰ সাহায্য আগবঢ়োৱা সম্ভৱ হোৱা নাই, তথাপিও ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যা সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ লগতে সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব।

সংগঠনটোৱে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে ক্ষয়-ক্ষতিৰ বৈজ্ঞানিক আৰু সঠিক মূল্যায়ন সম্পন্ন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ উপযুক্ত ক্ষতিপূৰণ, খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা আৰু পুনৰ্স্থাপনৰ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

লগতে আগ্ছু শিৱসাগৰ জিলা সমিতিয়ে সমাজৰ সকলো স্তৰৰ ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন আৰু শুভবুদ্ধিসম্পন্ন নাগৰিকক মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি বানাক্ৰান্ত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ আহ্বান জনায়। সংগঠনটোৱে আশা প্ৰকাশ কৰে যে চৰকাৰ, প্ৰশাসন আৰু সমাজৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হ’ব আৰু ক্ষতিগ্ৰস্ত লোকসকলে পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি যাব পাৰিব।

📤 Share this story
Scroll to Top