
তিনিচুকীয়া, ১৮ জুলাই। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)-ৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ সভাপতি নোমল ছেত্ৰী, উপ-সভাপতি অজয় আলে, সাংগঠনিক সম্পাদক অশোক কুমাৰ লামা, শিক্ষা সম্পাদক ভোজ ৰাজ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ কৈৰালা আৰু পত্ৰিকা সম্পাদক লিম্বুক তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বৰ্ণাঢ্য আদৰণি ৰেলীৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়। সংগঠনটোৰ নতুন নেতৃত্বক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আয়োজিত এই কাৰ্যসূচীত বিভিন্ন আঞ্চলিক আৰু শাখা সমিতিৰ সদস্য-সদস্যাসকলৰ উৎসাহজনক উপস্থিতিয়ে অনুষ্ঠানটো অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
আদৰণি ৰেলী ৰুপাইৰ পৰা আৰম্ভ হৈ ধলা ছৈখোৱাস্থিত কেন্দ্ৰীয় সভাপতি নোমল ছেত্ৰীৰ নিজ বাসগৃহলৈকে অনুষ্ঠিত হয়। সমগ্ৰ পথছোৱাত বিভিন্ন স্থানত স্থানীয় ৰাইজে ফুলাম গামোচা, ফুলৰ থোপা আৰু শুভেচ্ছা জ্ঞাপন কৰি নৱনিৰ্বাচিত নেতৃত্বক আদৰণি জনায়। ৰেলীত তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত সকলো আঞ্চলিক সমিতি, শাখা সমিতি আৰু অসংখ্য আগ্সুকৰ্মীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ফলত সমগ্ৰ এলেকাটো উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে।
সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় সভাপতি নোমল ছেত্ৰীয়ে কয় যে, গোৰ্খা সম্প্ৰদায়ৰ শিক্ষা, সামাজিক, সাংস্কৃতিক আৰু সাংবিধানিক অধিকাৰ সুৰক্ষাৰ লগতে দীৰ্ঘদিন ধৰি সমাধানৰ অপেক্ষাত থকা বিভিন্ন জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আগন্তুক দিনত অধিক দায়িত্বশীল, সুসংগঠিত আৰু জনমুখীভাৱে কাম কৰি যাব। তেওঁ সংগঠনৰ শক্তি অধিক সুদৃঢ় কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ গোৰ্খা জনগণক একত্ৰিত হৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
অনুষ্ঠানটোৱে নৱনিৰ্বাচিত কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি তিনিচুকীয়া জিলা সমিতি আৰু স্থানীয় গোৰ্খা সমাজৰ আস্থা, একতা আৰু সহযোগিতাৰ মনোভাৱ স্পষ্টভাৱে প্ৰতিফলিত কৰে। উপস্থিত সদস্যসকলে নতুন নেতৃত্বৰ সফল কাৰ্যকালৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে সংগঠনৰ লক্ষ্য আৰু আদৰ্শ বাস্তৱায়নত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ সংকল্প ব্যক্ত কৰে।
প্ৰতিবেদন : মিলন অধিকাৰী, সভাপতি, মাকুম আঞ্চলিক সমিতি