
ওদালগুৰি, নৱেম্বৰ ৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) – বান্দৰগুৰি আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী কিৰণ অধিকাৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি বিটিচি চৰকাৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ৰিহন দৈমাৰীক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এই সাক্ষাতে মাত্ৰ বান্দৰগুৰি অঞ্চলৰ গোৰ্খা সমাজৰ শিক্ষাগত, ব্যৱসায়িক আৰু সামাজিক সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয়।
প্ৰতিনিধি দলে বিশেষকৈ উল্লেখ কৰে – বান্দৰগুৰিৰ গোৰ্খা শিক্ষাৰ্থীসকলৰ বাবে বৃত্তি আৰু অধ্যয়ন সহায়তা, স্থানীয় চাকৰিৰ ক্ষেত্ৰত সমান সুযোগ, আৰু গোৰ্খা বসতিপ্ৰায় এলেকাৰ নাগৰিক অধিকাৰ আৰু ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা। তেওঁলোকে স্থানীয় পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰতো গভীৰ মনোযোগৰ দাবী জনায়।
শ্ৰী কিৰণ অধিকাৰীয়ে কয় –
“বান্দৰগুৰিৰ গোৰ্খা সমাজ অঞ্চলৰ এক অঙ্গ, কিন্তু বহু ক্ষেত্ৰত উপেক্ষা কৰা হৈছে। আমাৰ লক্ষ্য হৈছে শিক্ষাৰ বিকাশ, স্থানীয় পৰিচয়ৰ সংৰক্ষণ আৰু সমাজৰ সকলো স্তৰত ন্যায়সঙ্গত অংশীদাৰী নিশ্চিত কৰা।”
উপ-মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ৰিহন দৈমাৰী প্ৰতিনিধি দলক সাদৰেৰে স্বাগতম জনাই, বান্দৰগুৰি-নির্দিষ্ট দাবীসমূহ মনোযোগসহকাৰে শুনাৰ আৰু সম্ভৱপৰ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
সাক্ষাতত উপস্থিত আছিল – উদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী পৱন খনাল, বান্দৰগুৰি আঞ্চলিক সমিতিৰ উপ-সভাপতি শ্ৰী মনোজ চেত্ৰী, সাধাৰণ সম্পাদক শ্ৰী সাগৰ চেত্ৰী, সহ-সম্পাদক শ্ৰী ৰাজীব শৰ্মা, আৰু ক্ৰীড়া সম্পাদক শ্ৰী অভিষেক কৈৰালা।
AAGSU-ৰ এই পদক্ষেপে বান্দৰগুৰি অঞ্চলৰ গোৰ্খা সমাজত আশা সঞ্চাৰ কৰিছে। সংগঠনে আগন্তুক দিনত অধিক সংগঠিত ৰূপত একতা, চেতনা আৰু গৌৰৱ পুনঃস্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ আহ্বান জনাইছে।
প্ৰেৰক: কালিদাস চেত্ৰী – শিক্ষা সম্পাদক, বান্দৰগুৰি আঞ্চলিক সমিতি (AAGSU