All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #43
August 13, 2026

Batumi Open International Wushu Championship 2026-ত দীক্ষা তিৱাৰীৰ গৌৰৱময় সাফল্য

📅 August 13, 2026
✍️ AAGSU
🕒 12:06 AM

বিশ্বনাথ, ১২ আগষ্ট ২০২৬: Batumi Open International Wushu Championship 2026-ত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি বিশ্বনাথ জিলাৰ চতিয়া কৰেয়নি অঞ্চলৰ গৌৰৱ দীক্ষা তিৱাৰীয়ে অসম তথা সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।

চতিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীমান ধীৰাজ ভান্দাৰী আৰু সাধাৰণ সম্পাদক শ্ৰীযুত ৰশন চেত্ৰীৰ নেতৃত্বত এটি প্ৰতিনিধি দলে দীক্ষা তিৱাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ এই অসাধাৰণ সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। উমেশ তিৱাৰী আৰু শ্ৰীমতী সবিতা তিৱাৰীৰ সুযোগ্য সন্তান দীক্ষাৰ এই কৃতিত্বই সমগ্ৰ চতিয়া অঞ্চলৰ লগতে অসমীয়া আৰু গোৰ্খা সমাজলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে।

দীক্ষা তিৱাৰীৰ অদম্য সাহস, অক্লান্ত সাধনা, কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধ জীৱন আৰু অবিচল আত্মবিশ্বাসে প্ৰমাণ কৰি দিছে যে দৃঢ় সংকল্প, নিষ্ঠা আৰু একাগ্ৰতা থাকিলে কোনো সপোনেই অসাধ্য নহয়। তেওঁৰ এই অনন্য সফলতা আগন্তুক দিনত অগণন যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি প্ৰতিনিধি দলটোৱে আশা প্ৰকাশ কৰে।

চতিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই দীক্ষা তিৱাৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি ক্ৰীড়া ক্ষেত্ৰত আৰু অধিক সফলতা অৰ্জন কৰাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰতিবেদক : ধীৰাজ ভান্দাৰী-সভাপতি, চতিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা

📤 Share this story
Scroll to Top