
কোকৰাঝাৰ, ৮ জুলাই: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিটিচি বিধান পৰিষদত গোৰ্খা জনগোষ্ঠীৰ পৰা মনোনীত হোৱা প্ৰথমজন পাৰিষদ প্ৰয়াত মাধৱ কাৰ্কীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি আগছুৰ কেন্দ্ৰীয় নেতৃত্বই তেখেতৰ কোকৰাঝাৰ জিলাৰ পাটগাঁওস্থিত বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
গোৰ্খা ছাত্ৰ সন্থাৰ মাননীয় ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহানৰ নেতৃত্বত উপস্থিত প্ৰতিনিধি দলটোৱে পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ কৰি এই দুখৰ সময়ত সংগঠনৰ হৈ আন্তৰিক সমবেদনা প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।
প্ৰতিনিধি দলটোৱে কয় যে, মাধৱ কাৰ্কী এগৰাকী দক্ষ সংগঠক, প্ৰাক্তন ছাত্ৰ নেতা আৰু বিটিচিৰ ৰাজনৈতিক ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীৰ এগৰাকী বলিষ্ঠ কণ্ঠস্বৰ আছিল। গোৰ্খা সমাজৰ ন্যায্য অধিকাৰ, সামগ্ৰিক উন্নয়ন, শিক্ষাৰ প্ৰসাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব।
সন্থাই লগতে উল্লেখ কৰে যে, আগছুৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত আৰু বিটিচি অঞ্চলত গোৰ্খা সমাজৰ দাবীসমূহ শক্তিশালীভাৱে উত্থাপন কৰাত প্ৰয়াত মাধৱ কাৰ্কীৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ আদৰ্শ, নেতৃত্ব আৰু সমাজসেৱামূলক কৰ্মই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব।
শেষত প্ৰতিনিধি দলটোৱে বিদেহী আত্মাৰ সদ্গতি আৰু চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ কামনা কৰে।
প্ৰতিবেদক : শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, টংলা আঞ্চলিক সমিতি।