
তেজপুৰ, ১১ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত যোৱা কেইবছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও গোৰ্খা জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ তিহাৰ উপলক্ষে সমূহীয়াভাৱে ভাতৃ-দ্বিতীয়া উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী শিৱ মন্দিৰ প্ৰাংগণত সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব, বিশিষ্ট ব্যক্তিসকলৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোক উপস্থিত থাকে।
অনুষ্ঠানত সভাপতিত্ব কৰে আগ্ছুৰ শোণিতপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চন্দন ছেত্ৰীয়ে। খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিষ্ণুলাল শাস্ত্ৰীয়ে মঞ্চ উদ্বোধন কৰাৰ বিপৰীতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক চন্দন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। আনহাতে, অসমীয়াৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আগ্ছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি জগদীশ খনালে।
অনুষ্ঠানত আগ্ছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ ছেত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰী, ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাজ্যিক সম্পাদক মুক্তিনাথ লুইটেল, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি মোহন ছেত্ৰী আৰু ৰোচনৰাজ ছেত্ৰী, জিলা সভাপতি ভূৱন শৰ্মা, জিলা উপ-সভানেত্ৰী হীৰা পোখ্ৰেল, মহিলা প্ৰকোষ্ঠৰ জিলা সভানেত্ৰী জুনা দেৱী, অসম সেনাৰ মুখ্য আহ্বায়ক ৰাজনীশ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ, জিলা সভাপতি দেৱাঞ্জন পাঠক, আদিবাসী ছাত্ৰ সন্থাৰ জিলা সভাপতি আনন্দ তাঁতী আৰু শিক্ষক তথা সাংবাদিক প্ৰাঞ্জল প্ৰতীম বৰা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত অতিথিসকলে ভাতৃ-দ্বিতীয়াৰ তাৎপৰ্য আৰু সামাজিক-সাংস্কৃতিক গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। বিশেষকৈ শিক্ষয়িত্ৰী, লেখিকা, সাংস্কৃতিক কৰ্মী তথা অসম গোৰ্খা সন্মিলনৰ মহিলা প্ৰকোষ্ঠৰ প্ৰাক্তন সম্পাদিকা দক্ষিণা দেৱী গজুৰেলে গোৰ্খা সমাজৰ তিহাৰ উৎসৱ আৰু ভাতৃ-দ্বিতীয়াৰ পৰম্পৰা, তাৎপৰ্য আৰু ভাতৃ-ভগ্নীৰ মাজৰ চেনেহৰ বান্ধোনৰ বিষয়ে সাৱলীলভাৱে আলোকপাত কৰে।
অনুষ্ঠানৰ অন্তিম কাৰ্যসূচীত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ মনীষ মহন্তই সংগীতানুষ্ঠান পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
উল্লেখ্য যে এনে সমূহীয়া উদযাপনে গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য আৰু ভাতৃত্ববোধৰ বান্ধোন অটুট ৰখাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু পাৰস্পৰিক সহযোগিতাৰ বাৰ্তা বহন কৰে।
প্ৰতিবেদক: শ্ৰী পুনম দেৱী, উপ সভানেত্ৰী, শোণিতপুৰ জিলা সমিতি।