
ৰঙাপৰা, ২৭ মে’ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা প্ৰকাশ কৰে। আঞ্চলিক সমিতিৰ পক্ষৰ পৰা প্ৰকাশ কৰা এক শুভেচ্ছা বাৰ্তাত কোৱা হয় যে ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতা কেৱল ব্যক্তিগত সাফল্য নহয়, ই পৰিয়াল, বিদ্যালয় তথা সমাজৰ বাবেও গৌৰৱৰ বিষয়।
ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভানেত্ৰী সুনিপা ৰানাই কয় যে কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু নিয়মীয়াকৈ অধ্যয়ন কৰাৰ ফলতেই ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ সকলো উত্তীৰ্ণ শিক্ষাৰ্থীক ভৱিষ্যত জীৱনত অধিক মনোযোগ আৰু আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ আহ্বান জনায়। লগতে আগন্তুক দিনত সমাজ আৰু জাতিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে।
উপ সভানেত্ৰী শৰ্মিলা প্ৰধানে শিক্ষাৰ্থীসকলৰ সাফল্যত সন্তোষ প্ৰকাশ কৰি কয় যে শিক্ষাই সমাজ গঢ়াৰ মূল আধাৰ। শিক্ষাৰ্থীসকলক কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাথাকি সামাজিক আৰু নৈতিক মূল্যবোধকো সমানভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদানকো বিশেষভাৱে স্বীকাৰ কৰে।
আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মনি কুমাৰ গুৰুংয়ে কয় যে বৰ্তমান সময়ত প্ৰতিযোগিতামূলক পৰিৱেশত সফলতা অৰ্জন কৰাটো সহজ নহয়। তাৰ মাজতো ৰঙাপৰা অঞ্চলৰ বহু শিক্ষাৰ্থীয়ে উৎকৃষ্ট ফলাফল দেখুৱাই অঞ্চলটোক গৌৰৱান্বিত কৰিছে। তেওঁ সকলো শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণ কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ উৎসাহিত কৰে।
শিক্ষা সম্পাদক মহিনি দেৱীয়ে কয় যে শিক্ষাই মানুহক সচেতন, দায়িত্বশীল আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। সেইবাবে সকলো শিক্ষাৰ্থীক নিয়মীয়া অধ্যয়নৰ লগতে শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সংগঠন সম্পাদক বিবেক উপাধিয়েও সফল শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আগন্তুক দিনত তেওঁলোকে সমাজৰ নাম উজ্বল কৰিব বুলি সংগঠন আশাবাদী।
শেষত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই পুনৰায় সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উচ্চ শিক্ষা আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰাৰ কামনা কৰে।
প্ৰতিবেদক: সুনিপা ৰাণা- সভাপতি, ৰঙাপৰা আঞ্চলিক সমিতি ।