
গোৱালপাৰা, ১৪ জুনঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) দামৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পূব দামৰা গোৰ্খা সমাজৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS)ত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটোত অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোৱালপাৰা জিলা সমিতিৰ সভাপতি বিনোদ লামছালে শিক্ষাৰ্থীসকলক অভিনন্দন জনাই অধ্যৱসায়, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জীৱনৰ বৃহত্তৰ লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সমাজ আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাব পৰাকৈ নিজকে গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়ায়।
সভাত আগছু গোৱালপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক শিৱ শৰ্মা, উপ-সভাপতি ৰবিন্দ বিশ্বকৰ্মা আৰু নাৰায়ণ শৰ্মাও উপস্থিত থাকে। তেওঁলোকে কৃতি শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষা ক্ষেত্ৰত অধিক সফলতা অৰ্জনৰ বাবে উৎসাহ যোগায়।
অনুষ্ঠানত অসম গোৰ্খা সন্মিলন গোৱালপাৰা জিলা সমিতিৰ সভাপতি মোহন চাপাগাঁই, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কে. বি. সুনাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে দামৰা অঞ্চলৰ গাঁওবাসী আৰু অভিভাৱকসকলৰো উল্লেখযোগ্য উপস্থিতি পৰিলক্ষিত হয়।
বক্তাসকলে শিক্ষাৰ্থীসকলৰ এই সাফল্যক সমগ্ৰ সমাজৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি আগন্তুক দিনত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ জৰিয়তে কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি শিক্ষা আৰু সমাজ গঠনত ছাত্ৰ সমাজৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰা হয়।
উপস্থিত ৰাইজে অনুষ্ঠানটোক এক প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰি আগন্তুক দিনতো এনে উদ্যোগ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
প্ৰতিবেদক: বিনোদ লামছাল- সভাপতি, গোৱালপাৰা জিলা সমিতি ।