
চৰাইদেউ, ২৪ জুনঃ চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ চতুৰ্থ দ্বি-বার্ষিক অধিৱেশন উৎসাহ-উদ্দীপনা আৰু ব্যাপক জনসমাগমৰ মাজেৰে সফলতাৰে সম্পন্ন হয়। অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা, ছাত্ৰ নেতা, সমাজকৰ্মী, বিশিষ্ট ব্যক্তি তথা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি অশোক লামাই। ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি গম বাহাদুৰ তামাঙে স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰে। জনগোষ্ঠীয় দলীয় নৃত্য প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে তপন গগৈয়ে।
অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে নতুন জিলা নেতৃত্ব নিৰ্বাচন কৰা হয়। সভাই সৰ্বসন্মতিক্ৰমে অশোক লামাক সভাপতি আৰু ৰামজী নেৱাৰক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। প্ৰতিনিধি সভাৰ কাৰ্যসূচী সুকলমে পৰিচালনা কৰে জিলা সাধাৰণ সম্পাদক লাল বাহাদুৰ থাপা আৰু প্ৰচাৰ সম্পাদক ৰোহিত ৰায়ে।
ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে অশোক লামাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আগছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী। সন্মানীয় অতিথি হিচাপে ধৰ্মেশ্বৰ কোঁৱৰ আৰু প্ৰেম তামাঙে উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে টাইপা কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ভৃগু হাতীমূৰীয়া, আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই, AJYCP-ৰ জিলা সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ, আটছাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি অজিত উৰাং আৰু চুতীয়া ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰুবুল শইকীয়াই অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও আছু, আগছু, টাইপা আদি সংগঠনৰ বহু সংখ্যক ছাত্ৰ নেতা-কৰ্মী সভাত উপস্থিত থাকে।
মুকলি সভাত বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৰাইদেউ জিলাৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়। স্বৰ্গীয় মন বাহাদুৰ চুব্বা সোঁৱৰণী বঁটা পদ্ম বনিয়াক, মমতাময়ী মাতৃ বঁটা নিৰু তামাঙক, আদৰ্শ কৃষক বঁটা মোহন ছেত্ৰীক, সমাজ হিতৈষী বঁটা সঞ্জয় নেৱাৰক আৰু জীৱনজোৰা সাধনা বঁটা ৰমাকান্ত অধিকাৰীক প্ৰদান কৰা হয়। উপস্থিত অতিথিসকলে এই সন্মান প্ৰদানক সমাজৰ বাবে অনুপ্ৰেৰণাদায়ক পদক্ষেপ বুলি অভিহিত কৰে।
সন্ধিয়া অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙ্গীয়াই। সাংস্কৃতিক সন্ধ্যাত উদীয়মান কণ্ঠশিল্পী নিলয় বিবেক, গায়ত্ৰী সোনাৰ আৰু মহেশ লিম্বুৱে সংগীত পৰিবেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে। ইয়াৰ উপৰিও বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে নৃত্য আৰু লোক-সংস্কৃতিৰ মনোমোহা অনুষ্ঠান পৰিবেশন কৰে।
সমগ্ৰ অধিৱেশনত গোৰ্খা সমাজৰ ঐক্য, শিক্ষা, সাংগঠনিক শক্তিবৃদ্ধি, জাতীয় সত্তাৰ সুৰক্ষা আৰু ছাত্ৰ-যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। নতুন নেতৃত্বৰ অধীনত চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাই সমাজ আৰু ছাত্ৰ সমাজৰ স্বাৰ্থত অধিক শক্তিশালীভাৱে কাম কৰি যাব বুলি আশা ব্যক্ত কৰা হয়। ব্যাপক অংশগ্ৰহণ, সুসংগঠিত পৰিচালনা আৰু সাংস্কৃতিক সমন্বয়ৰ মাজেৰে অধিৱেশনখন সফলতাৰে সম্পন্ন হয়।
প্ৰতিবেদক: অশোক লামা- সভাপতি, চৰাইদেউ জিলা সমিতিৰ ।