All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #36
June 25, 2026

গোৰ্খা ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

📅 June 25, 2026
✍️ AAGSU
🕒 12:05 AM

মাজুলী, ১৪ জুনঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) মাজুলী জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন ফুলনিস্থিত গোৰ্খা বিকাশ কেন্দ্ৰত সফলতাৰে অনুষ্ঠিত হয়। নৱগঠিত জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সাংগঠনিক শক্তিবৃদ্ধি, আগন্তুক কাৰ্যসূচী আৰু সামাজিক ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ বিস্তৃত আলোচনা কৰা হয়।

সভাত জিলা সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলে সংগঠনৰ আগন্তুক কৰ্মপন্থা, সাংগঠনিক দায়িত্ব আৰু সমাজমুখী কাৰ্যসূচীসমূহৰ ওপৰত মতবিনিময় কৰে। বিশেষকৈ আগন্তুক কেন্দ্ৰীয় সমিতিৰ অধিৱেশন তথা প্ৰতিনিধি সভাত মাজুলী জিলা সমিতিৰ সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ সদস্য পদৰ বাবে মাজুলী জিলাৰ পৰা এজন যোগ্য প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰাৰ বিষয়তো সভাত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়। উপস্থিত সদস্যসকলে সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত শিক্ষা, সামাজিক সচেতনতা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ, গোৰ্খা সমাজৰ সমস্যা আৰু উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কেও আলোচনা কৰা হয়। বক্তাসকলে সমাজৰ স্বাৰ্থ জড়িত বিষয়সমূহত গোৰ্খা ছাত্ৰ সন্থাই অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়।

সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত সভাখনৰ অন্তত আগন্তুক দিনসমূহত মাজুলী জিলা সমিতিয়ে সংগঠন আৰু সমাজৰ কল্যাণৰ স্বাৰ্থত অধিক সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

প্ৰতিবেদক: দিপক কটোৱাৰ- সভাপতি, মাজুলী জিলা সমিতি।

📤 Share this story
Scroll to Top