All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #34
June 11, 2026

পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰে তামুলপুৰত বিশ্ব পৰিৱেশ দিৱস পালন গোর্খা ছাত্ৰ সন্থাৰ

📅 June 11, 2026
✍️ AAGSU
🕒 12:06 AM

৫ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তামোলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলতো বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন দল-সংগঠনসমূহে বৃক্ষৰোপণ আৰু সচেতনতামূলক কাৰ্যসূচীৰ জৰিয়তে এই বিশেষ দিনটো পালন কৰে। এই উপলক্ষে আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা চমুকৈ আগুৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত অঞ্চলটোৰ বাঙালীপাৰাত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আঞ্চলিক সমিতিৰ সভাপতি বিশাল মৈনালীৰ নেতৃত্বত বাঙালীপাৰাত অৱস্থিত সংগঠনটোৰ মুখ্য কার্যালয় প্রাংগণত আজি বৃক্ষৰোপণ

কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু সমাজত পৰিৱেশ সম্পৰ্কীয় সচেতনতা বৃদ্ধিৰ বাবে সংগঠনটোৱে সকলোকে আহ্বান জনায়। উক্ত কার্যসূচীত সংগঠনটোৰ তামোলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উপদেষ্টা বিপ্লৱৰ চিমৰীয়া, সাংগঠনিক সম্পাদকজনক নেৱাৰ, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দ্বিন্দ্বীজয় লুইটেল, বিশিষ্ট সমাজকর্মী টেক প্রসাদ সুবেদী, মিত্ৰলাল খৰেল, চিন্তামণি সুবেদী, কলম উপ্রেতি, প্রকাশ প্রধান, সঞ্জীৱ নেৱাৰ আৰু অজয় মণ্ডল প্রমুখ্যে সংগঠনটোৰ বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে।

প্ৰতিবেদক: দ্বিন্দ্বীজয় লুইটেল, সাধাৰণ সম্পাদক পূৱ ডেফেলী আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top