All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #34
June 11, 2026

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আগছু বামুনজুলি আঞ্চলিক সমিতিৰ বৃক্ষৰোপণ কাৰ্যসূচী

📅 June 11, 2026
✍️ AAGSU
🕒 12:06 AM

বামুনজুলি, ৫ জুন ২০২৬: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) বামুনজুলি আঞ্চলিক সমিতিয়ে নিজ কাৰ্যালয় প্ৰাঙ্গণত এক বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰে। পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলা আৰু সেউজীয়া পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত বহু সংখ্যক সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ শুভাৰম্ভ আঞ্চলিক সমিতিৰ সভাপতি ৰতন শৰ্মাই বৃক্ষৰোপণ কৰি কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা মণীষ লিম্বু, উদালগুৰি জিলা সমিতিৰ কাৰ্যবাহী সদস্য গোবিন্দ ছেত্ৰী আৰু জীৱন ছেত্ৰী, কালিখোলা গাঁৱৰ সমাজসেৱক পদ্ম বৰাল, আঞ্চলিক সমিতিৰ উপ-সভাপতি পদম ৰাউতকে ধৰি বহু কৰ্মকৰ্তা আৰু সদস্য উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত বক্তাসকলে পৰিৱেশ সংৰক্ষণ, বনানীকৰণ আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত বৃক্ষৰোপণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। লগতে বৰ্তমান সময়ত বৃদ্ধি পোৱা পৰিৱেশজনিত সমস্যাসমূহৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি সকলোকে অধিক সংখ্যক গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

কাৰ্যসূচীৰ অন্তত আঞ্চলিক সমিতিৰ তৰফৰ পৰা অনুষ্ঠান সফল কৰি তুলিবলৈ সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয়। লগতে আগন্তুক দিনসমূহতো সমাজ সচেতনতামূলক আৰু পৰিৱেশ সংৰক্ষণমূলক বিভিন্ন কাৰ্যসূচী অব্যাহত থাকিব বুলি সভাপতি গৰাকীয়ে জানিব দিয়ে।

প্ৰতিবেদক : ভানু লামা, সাধাৰণ সম্পাদক, আগছু বামুনজুলি আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top