
জোনাই চক্ৰ বিষয়াই “মৃত” ভূমি পট্টা পৰা বঞ্চিত কৰা জয়ন্ত উপাধ্যায় বাস্তৱত জীৱিত — ধেমাজী আগ্ছুৰ তীব্ৰ প্ৰতিক্ৰিয়া
ধেমাজি জিলাৰ মূৰ্কং চেলেক ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অন্তৰ্গত চিমেন চাপৰিৰ নিৱাসী জয়ন্ত উপাধ্যায়ক জোনাই ৰাজহ চক্ৰ বিষয়াই নিজৰ নথি–পত্ৰ সম্পূৰ্ণভাৱে জমা দি বহুবাৰ আবেদন জনোৱাৰ পিছতো মিছন বসুন্ধৰা পৰিয়ালত ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত পোনপটীয়াকৈ বঞ্চিত কৰিছে।
জানিব পৰা মতে, জয়ন্ত উপাধ্যায়ে সকলো নথি–পত্ৰ জমা দি বিভাগীয় নিয়ম অনুযায়ী বহু প্ৰক্ৰিয়া পূৰ্ণ কৰিছিল। কিন্তু জোনাই চক্ৰ বিষয়াই বিভিন্ন অজুহাত দেখুৱাই আবেদনখন বাৰে–বাৰে নাকচ কৰি আহিছিল। অৱশেষত নূতনকৈ আবেদন নাকচ কৰাৰ বাবে কোনো যুক্তিসংগত কাৰণ বিচাৰি নোপোৱাত চক্ৰ বিষয়াই “ফিল্ড ভেৰিফিকেচন সময়ত আবেদনকাৰীক মৃত বুলি পোৱা গৈছে” বুলি মন্তব্য কৰে — যিটো সম্পূৰ্ণভাৱে মিছা আৰু উদ্ভট যুক্তি বুলি পৰিস্ফুট হৈছে।
আবেদনকাৰী জয়ন্ত উপাধ্যায় এতিয়াও সম্পূৰ্ণভাৱে জীৱিত হৈ থকাৰ পৰিস্ফুট প্ৰমাণ আজিৰ দিনত আগ্ছুৰ ধেমাজী জিলাৰ সজাঁতি দল উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংগঠনে উল্লেখ কৰে যে, “এইয়া কেৱল এটা উদাহৰণ; এনে বহু মিছা অজুহাত দেখুৱাই ধেমাজী জিলাৰ বহু থলুৱা গোৰ্খাক ভূমি পট্টাৰ অধিকাৰৰ পৰা পদ্ধতিগতভাৱে বঞ্চিত কৰা হৈছে।”
গোৰ্খা সমাজৰ পোনপটিযা প্ৰশ্ন
“ আমি কি চক্ৰ বিষয়া সকলৰ ব্যক্তিগত সম্পত্তি বিচাৰি আবেদন কৰিছো নেকি ?”
আগছু ধেমাজী জিলাৰ নেতৃত্বই সতর্কবাণী দিছে —
“যদি প্ৰশাসনে কেবল প্ৰতিবাদৰ ভাষা বুজে, তেন্তে আমি প্ৰতিবাদেই কৰিবলৈ প্ৰস্তুত। অন্যায়ৰ বিৰুদ্ধে গোৰ্খা সমাজ নীৰৱ নহয় আৰু হ’ব নোৱাৰে।”
এই ঘটনাই পুনৰ এবাৰ প্ৰশাসনিক অবহেলা, বৈষম্য আৰু গোৰ্খা সমাজৰ ওপৰত চলি থকা পদ্ধতিগত বঞ্চনাক স্পষ্ট ৰূপে প্ৰমান কৰিছে।
প্ৰতিবেদন: সোমৰাজ পুৰী- সভাপতি,ধেমাজি জিলা সমিতি (আগ্ছু)