All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #12
January 8, 2026

বাগনপাৰাত ১৬–১৭ জানুৱাৰীত ‘কেন্দ্ৰীয় শিল্পী দিৱস’ আয়োজনৰ প্ৰস্তুতি

📅 January 8, 2026
✍️ AAGSU
🕒 12:05 AM

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে অসমৰ জাতীয় জীৱনৰ বৰেণ্য শিল্পী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ স্মৃতিত উদযাপন কৰি অহা ‘কেন্দ্ৰীয় শিল্পী দিৱস’ এইবেলি বাক্সা জিলাৰ বাগনপাৰাত অহা ১৬ আৰু ১৭ জানুৱাৰী ২০২৬ ইং তাৰিখে দুদিনা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলৈ গৈ আছে। অসমৰ শিল্প–সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণ, নতুন প্ৰজন্মক সৃষ্টিশীলতাৰ দিশে অনুপ্ৰাণিত কৰা আৰু ৰূপকোঁৱৰৰ আদৰ্শ সমাজৰ প্ৰতিটো স্তৰত প্ৰসাৰিত কৰাই এই কেন্দ্ৰীয় শিল্পী দিৱসৰ মূল উদ্দেশ্য।
এই অনুষ্ঠানৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বাক্সা জিলাৰ বাগনপাৰাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বি.টি.চি. ক্ষেত্ৰীয় সমিতি আৰু বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ নেতা–কর্মীসকল উপস্থিত হৈ আয়োজনস্থল পৰিদৰ্শন কৰে আৰু সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত মঞ্চ নিৰ্মাণ, অতিথি আদৰণি, সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা, আবাসন, যাতায়াত, স্বেচ্ছাসেৱক ব্যৱস্থা তথা শৃঙ্খলা ৰক্ষাৰ দিশসমূহ বিস্তৃতভাৱে আলোচনা কৰা হয়।


দুদিনীয়া কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পী, সাহিত্যিক, সাংস্কৃতিক কৰ্মী আৰু সমাজকৰ্মীৰ অংশগ্ৰহণে অনুষ্ঠানক এক সমৃদ্ধ ৰূপ দিব বুলি আশা কৰা হৈছে। বিশেষকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জীৱন, চিন্তা আৰু সৃষ্টিৰ ওপৰত আধাৰিত আলোচনা, সংগীত–নাটক–নৃত্যৰ জৰিয়তে তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰা হ’ব। ইফালে, অসমৰ বহুধা জাতি–গোষ্ঠীৰ শিল্প–সংস্কৃতিৰ সমন্বয় এই কেন্দ্ৰীয় শিল্পী দিৱসৰ বিশেষ আকৰ্ষণ হ’ব বুলি আয়োজকসকলে জনাইছে।
প্ৰস্তুতি পৰিদৰ্শনৰ সময়ত উপস্থিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বি.টি.চি. ক্ষেত্ৰীয় সমিতি আৰু বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে এই অনুষ্ঠান সফল কৰাৰ বাবে সকলো স্তৰৰ সহযোগিতা কামনা কৰে। স্থানীয় ৰাইজ, সামাজিক সংগঠন আৰু ছাত্ৰ–যুৱ সমাজক আগবাঢ়ি আহি এই সাংস্কৃতিক মহোৎসৱ সফল কৰাৰ আহ্বান জনোৱা হয়।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় শিল্পী দিৱস কেৱল এটা অনুষ্ঠানেই নহয়, ই অসমৰ জাতীয় চেতনাৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ। ৰূপকোঁৱৰৰ শিল্পীসত্তা, দেশপ্ৰেম আৰু সমাজসংস্কাৰৰ বাণী আজিৰ সময়তো সমানেই প্ৰাসংগিক। সেই আদৰ্শক স্মৰণ কৰি বাগনপাৰাত অনুষ্ঠিত হ’বলৈ গৈ থকা এই দুদিনীয়া অনুষ্ঠান অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য সাংস্কৃতিক অধ্যায় হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
প্ৰতিবেদন: এমকান্ত পৌডেল-সাধাৰণ সম্পাদক, বাক্সা জিলা সমিতি (আগ্ছু)

📤 Share this story
Scroll to Top