
মৰাণ, ২০ এপ্ৰিল: মৰাণ নগৰত অৱস্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভুল চিকিৎসাৰ বাবে পুনৰ এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ চৰম গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোর্খা নাৰী পৰিষদ, মৰান আঞ্চলিক সমিতিযে মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মৰাণৰ সমীপৰ হজুৱাৰ ২ নং জংঘল ব্লক গাঁৱৰ বাসিন্দা প্ৰদুম ৰাইৰ পত্নী কবিতা লিম্বুক সন্তান প্ৰসৱৰ বাবে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছিল। যোৱা ৫ মাৰ্চত ডাঃ দেৱজিৎ চাহুৰ তত্ত্বাৱধানত অস্ত্ৰোপচাৰৰ জৰিয়তে এটি শিশু জন্ম দিয়াৰ পাছতে প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে। পৰিস্থিতি সংকটজনক হৈ পৰাত তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত (এএমচিএইচ) ভৰ্তি কৰোৱা হয় যদিও মৃত্যুৰে যুঁজি যোৱা ১৮ মাৰ্চত কবিতা লিম্বুৱে চিকিৎসালয়খনতে শেষ নিশ্বাস ত্যাগ কৰে।
এই দুখজনক ঘটনাৰ পাছতে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু আশ্চৰ্যজনকভাৱে, ঘটনা সংঘটিত হোৱাৰ এটা মাহ উকলি যোৱাৰ পাছতো প্ৰশাসনে ডাঃ দেৱজিৎ চাহু আৰু ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰশাসনৰ এনে নিৰ্লিপ্ত ভূমিকাৰ তীব্ৰ বিৰোধিতা কৰি আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা আৰু গোর্খা নাৰী পৰিষদ, মৰান আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে প্ৰথমে চিকিৎসালয়খনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু পাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে। আঞ্চলিক সমিতিয়ে অহা ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত ডাঃ দেৱজিৎ চাহুক গ্ৰেপ্তাৰ কৰাৰ লগতে মৰাণ নগৰস্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমখন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কঠোৰ দাবী জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদান নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী ৰাইজে।
প্ৰতিবেদক: বিশাল লামা- সভাপতি, মৰান আঞ্চলিক সমিতি ।