
ধেমাজি, ১৭ মে’ ২০২৬: লিকাবালি আটো চালক সন্থাৰ আহ্বানত ধেমাজি জিলাৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সক্ৰিয় অংশগ্ৰহণত আজি মাদুৰী পথাৰ সাপ্তাহিক বজাৰ প্ৰাঙ্গণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ক্ৰমাগতভাৱে সংঘটিত হৈ থকা অৰুণাচলী আগ্ৰাসন আৰু অসমৰ ভূমিত অবৈধ হস্তক্ষেপৰ ঘটনাক কেন্দ্ৰ কৰি সভাত গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।
সভাত উপস্থিত বক্তাসকলে কয় যে সীমান্ত অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা অনুপ্ৰৱেশ, ভূমি দখল আৰু স্থানীয় বাসিন্দাসকলৰ ওপৰত সৃষ্টি হোৱা চাপৰ ফলত অঞ্চলটোৰ শান্তি-শৃংখলা আৰু সামাজিক পৰিবেশ বিঘ্নিত হৈ পৰিছে। অসমৰ ভূমি, সীমান্তবাসীৰ অধিকাৰ আৰু আঞ্চলিক সুৰক্ষা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে অধিক দৃঢ় আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনোৱা হয়।
উক্ত সভাৰ জৰিয়তে সীমান্ত অঞ্চলৰ সুৰক্ষা আৰু অসমৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ লক্ষ্যৰে “অসম-অৰুণাচল সীমান্ত সুৰক্ষা দাবী সমিতি” আনুষ্ঠানিকভাৱে গঠন কৰা হয়। সভাত উপস্থিত বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে ঐক্যবদ্ধভাৱে সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে।
ইয়াৰ পিছতেই এক প্ৰতিবাদী পদ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে সীমান্ত সমস্যা সমাধান, অৰুণাচলী আগ্ৰাসন বন্ধ আৰু অসমৰ ভূমি সুৰক্ষিত কৰাৰ দাবী জনায়। কাৰ্যসূচীত স্থানীয় ৰাইজ, বিভিন্ন সংগঠনৰ কৰ্মী আৰু সচেতন নাগৰিকৰ ব্যাপক উপস্থিতি লক্ষ্য কৰা যায়।
কাৰ্যসূচীৰ অন্তত এক প্ৰতিনিধি দলে চিচিবৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ সীমান্ত সমস্যা সমাধান আৰু অৰুণাচলী আগ্ৰাসন ৰোধৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত সীমান্ত অঞ্চলত প্রশাসনিক তৎপৰতা বৃদ্ধি, ভূমি জৰীপ আৰু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী উত্থাপন কৰা হয়।
উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) ধেমাজি জিলা সমিতিৰ জিলা সভাপতি শ্ৰী সোমৰাজ পুৰী, সাধাৰণ সম্পাদক শ্ৰী দিলীপ খানাল আৰু মলিনিপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতি বিশেষভাৱে লক্ষ্যণীয় আছিল। তেওঁলোকে সীমান্ত সমস্যাৰ ক্ষেত্ৰত সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি অসমৰ ভূমি আৰু অধিকাৰ ৰক্ষাৰ বাবে একত্ৰিতভাৱে আন্দোলন চলাই যোৱাৰ আহ্বান জনায়।
প্ৰতিবেদক: দিলিপ খনাল- সাধাৰণ সম্পাদক, ধেমাজি জিলা সমিতি ।