
তামুলপুৰ, ২৭ মে’ঃ গোৰ্খা সমাজৰ বিশিষ্ট সমাজসেৱী, জাতীয় সচেতক তথা গোৰ্খা লোক-সংস্কৃতিৰ অন্যতম পথপ্ৰদৰ্শক লোকনাথ লুঁইটেল ডাঙৰীয়াৰ মৃত্যুত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), তামুলপুৰ জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত বেদ লুঁইটেলৰ পৰমপূজ্য পিতৃ আছিল।
লোকনাথ লুঁইটেল ডাঙৰীয়াৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে আগ্সুৰ তামুলপুৰ জিলা সমিতিৰ এটি প্ৰতিনিধি দলে তামুলপুৰ জিলাৰ পূৱ ডেফেলী অঞ্চলৰ পশ্চিম উপৰখুটিস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ কৰে। এই সময়ছোৱাত সংগঠনটোৰ বিষয়ববীয়াসকলে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি আৰু সদ্গতি কামনা কৰি প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনায়।
আগ্সুৰ তামুলপুৰ জিলা সমিতিয়ে এক শোকবাৰ্তাত কয় যে, লোকনাথ লুঁইটেল ডাঙৰীয়াই গোৰ্খা সমাজৰ লোক-সংস্কৃতি, পৰম্পৰা আৰু জাতীয় চেতনাক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত যি অনন্য অৱদান আগবঢ়াই গৈছে, সেয়া গোৰ্খা সমাজে চিৰদিন স্মৰণ কৰি থাকিব। তেখেত কেৱল এজন সমাজসেৱী নহয়, বৰং গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক সত্তা আৰু সামাজিক ঐক্যৰ ক্ষেত্ৰত এজন শক্তিশালী পথপ্ৰদৰ্শক হিচাপেও পৰিচিত আছিল।
জিলা সমিতিয়ে লগতে উল্লেখ কৰে যে, সমাজৰ উন্নতি, ঐতিহ্য সংৰক্ষণ আৰু নতুন প্ৰজন্মক নিজস্ব সংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলাৰ ক্ষেত্ৰত লোকনাথ লুঁইটেল ডাঙৰীয়াৰ অৱদান অতুলনীয়। তেখেতৰ মৃত্যু গোৰ্খা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সংগঠনটোৱে মন্তব্য কৰে।
ইফালে, অঞ্চলটোৰ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠন আৰু শুভাকাংক্ষীয়েও লোকনাথ লুঁইটেল ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকা শ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
প্ৰতিবেদক: বিশাল মৈনালী- সভাপতি, পূব ডেফেলী আঞ্চলিক সমিতি ।