All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #14
January 22, 2026

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চিত্রাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব

📅 January 22, 2026
✍️ AAGSU
🕒 12:06 AM

ডিব্ৰুগড়, ২১ জানুৱাৰী: ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে সদৌ অসম গোর্খা ছাত্ৰ সন্থা (আগ্ছু)ৰ খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত এখনি চিত্রাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাখন অহা ২৬ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ মদাৰগুৰিস্থিত ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব।
এই প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। প্ৰতিযোগিতাখন তিনিটা শাখাত বিভক্ত কৰা হৈছে। ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, ‘খ’ শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু ‘গ’ শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। অংশগ্ৰহণকাৰীসকলৰ পৰা মাত্ৰ ৩০ টকা যোগদান মাচুল ধাৰ্য কৰা হৈছে।
পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীয়ে গণৰাজ্য দিৱস, দেশপ্ৰেম, জাতীয় ঐক্য আৰু ভাৰতৰ সাংবিধানিক মূল্যবোধক আধাৰ কৰি চিত্ৰ অংকন কৰিব। এই কাৰ্যসূচীৰ জৰিয়তে শিশুসকলৰ সৃজনশীলতা, কল্পনাশক্তি আৰু দেশপ্ৰেমমূলক অনুভৱ বিকাশ কৰাৰ লক্ষ্য লৈ আয়োজকসকলে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
আয়োজকসকলে কয় যে, এনে ধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেমৰ ভাবধাৰা জাগ্ৰত কৰাৰ লগতে তেওঁলোকৰ লুকাই থকা প্ৰতিভা উন্মোচনৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে। অনুষ্ঠানটো সুশৃঙ্খলভাৱে সফল কৰাৰ বাবে সকলো অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহায়-সহযোগিতা কামনা কৰা হৈছে।
উল্লেখযোগ্য যে অনুষ্ঠান সম্পৰ্কে অধিক তথ্যৰ বাবে ৬০০১৪৭৬৯৩৬ আৰু ৭৮৯৬৮৮৯৩৭৩ নম্বৰত যোগাযোগ কৰিব পাৰিব।

প্ৰতিবেদন: বিশাল ভূজেল, সাধাৰণ সম্পাদক, খোৱং আঞ্চলিক সমিতি, আগ্ছু।

📤 Share this story
Scroll to Top