
ডিব্ৰুগড়, ১৮ মে: ডিব্ৰুগড় জিলাৰ নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত দিল্লী চাহ বাগিচা অঞ্চলত সংঘটিত হোৱা এটি অমানৱীয় ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, যোৱা ১৪ মে তাৰিখে প্ৰায় ৭ বছৰীয়া এজনী নাবালিকা ছোৱালী ওচৰৰ এখন দোকানত বিস্কুট কিনিবলৈ যোৱাৰ সময়ত খলিদুৰ ৰহমান ওৰফে মুছা ৰহমান (প্ৰায় ৭০ বছৰ) নামৰ এজন বৃদ্ধই শিশুটিক শাৰীৰিকভাৱে নিৰ্যাতন চলায় আৰু শৰীৰৰ বিভিন্ন অংশত আঘাত কৰে।
ঘটনাৰ পিছতে ভীতসন্ত্ৰস্ত অৱস্থাত নাবালিকা ঘৰলৈ উভতি আহি পৰিয়ালক ঘটনাটোৰ বিষয়ে অৱগত কৰে। পিছদিনা অৰ্থাৎ ১৫ মে তাৰিখে স্থানীয় ৰাইজে বিষয়টো লৈ আলোচনা কৰাৰ পিছত শিশুটিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।
ঘটনাটোৰ দুদিন পিছত অৰ্থাৎ ১৬ মে তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নামৰূপ আঞ্চলিক সমিতিয়ে ঘটনাটোৰ বিষয়ে অৱগত হৈ তৎক্ষণাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। সংগঠনটোৱে অভিযুক্ত খলিদুৰ ৰহমানক আৰক্ষীৰ হাতত গতাই দিয়াৰ লগতে দোষীক আইনীভাৱে কঠোৰ শাস্তি প্ৰদানৰ দাবীত নামৰূপ আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদ কাৰ্যসূচীত নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু আন বিষয়ববীয়াৰ লগতে আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপু ঘিছিং (বৰ্তমান বিৰতি), ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুৰজ চেত্ৰী, মুখপাত্ৰ সম্পাদক মনীষ থাপা, কাৰ্যালয় সম্পাদক মনোজ শৰ্মা আৰু জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ উপৰিও প্ৰায় দুই শতাধিক লোকে থানাত সমবেত হৈ নাবালিকা ছোৱালীজনীক ন্যায় প্ৰদান আৰু অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। পিছত ১৭ মে তাৰিখে আৰক্ষীয়ে অভিযুক্ত খলিদুৰ ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে।
ইফালে, ১৮ মে তাৰিখে ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদৰ সভানেত্ৰী ববী চেত্ৰীৰ নেতৃত্বত এটি প্ৰতিনিধি দলে নামৰূপ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। একেদৰে নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাইও নাবালিকা ছোৱালীজনীৰ ন্যায়ৰ দাবীত পৃথক স্মাৰক পত্ৰ দাখিল কৰে।
স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুৰজ চেত্ৰী, সাংগঠনিক সম্পাদক সুৰজ নেৱাৰ, প্ৰাক্তন সহ সম্পাদক টেনজিং নেৱাৰ, নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হমেন ৰাই, সাধাৰণ সম্পাদক চন্দন প্ৰধান, নাহৰকটীয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিনুদ চেত্ৰী, গোৰ্খা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া, ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদৰ বিষয়ববীয়া আৰু নামৰূপ আঞ্চলিক গোৰ্খা নাৰী পৰিষদৰ সভানেত্ৰী ৰুমাশ্ৰি জৈছি সহ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা দেখা গৈছে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দিনক দিনে অধিক জোৰদাৰ হৈ উঠিছে।
প্ৰতিবেদক: আয়ুস শৰ্মা- তথ্য আৰু প্ৰযুক্তি সম্পাদক, ডিব্ৰুগড় জিলা সমিতি ।