
চৰাইদেউ, ২৩ মে’ ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আগন্তুক চতুৰ্থ দ্বি-বার্ষিক অধিৱেশন সফলভাৱে আয়োজন কৰাৰ লক্ষ্যৰে আজি সাপেখাতী অন্তৰ্গত গৰখীয়াবাম গাঁওস্থিত গোৰ্খা ৰংগমঞ্চত এক বিশেষ ৰাজহুৱা সভা সাফল্যৰ সৈতে অনুষ্ঠিত হয়। সভাত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি, সংগঠনৰ বিষয়ববীয়া, সদস্য-সদস্যা তথা স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটোক উৎসাহমুখৰ পৰিবেশ প্ৰদান কৰে।
সভাত আগছুৰ সাংগঠনিক দিশ, জিলাখনৰ গোৰ্খা সমাজৰ শিক্ষা, সাংস্কৃতিক বিকাশ, ছাত্ৰ-যুৱ সমাজৰ ভূমিকা আৰু আগন্তুক অধিৱেশনখনৰ সফল আয়োজন সম্পৰ্কে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। উপস্থিত বক্তাসকলে আগছুয়ে অসমত গোৰ্খা সমাজৰ অধিকাৰ, অস্তিত্ব আৰু শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত পালন কৰি অহা ভূমিকা বিশেষভাৱে উল্লেখ কৰি সংগঠনটোক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাৰ সিদ্ধান্ত অনুসৰি অহা ইংৰাজী ১৪ জুন ২০২৬ তাৰিখে সাপেখাতীস্থিত গোৰ্খা সামূহিক কেন্দ্ৰত আগছু চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বি-বার্ষিক অধিৱেশন একেদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ পোষকতা কৰা হয়। উক্ত অধিৱেশনত বিভিন্ন সাংগঠনিক কাৰ্যসূচীৰ উপৰিও প্ৰতিনিধি সভা, আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আদি অন্তর্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে।
আজি অনুষ্ঠিত সভাত অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতিও গঠন কৰা হয়। গম বাহাদুৰ তামাংক সভাপতি, শিবু তামাংক কাৰ্যকৰী সভাপতি আৰু অমন লিম্বু तथा গৌতম তামাংক যুটীয়া সম্পাদক হিচাপে লৈ সমিতিখন গঠন কৰা হয়। নতুনকৈ গঠিত সমিতিক সভাত উপস্থিত ৰাইজে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক অধিৱেশন সফল কৰি তুলিবলৈ পূৰ্ণ সহযোগিতাৰ আশ্বাস প্রদান কৰে।
সভাৰ অন্তত আগছুৰ আদৰ্শ আৰু উদ্দেশ্যসমূহক সমাজৰ মাজত অধিক বিস্তাৰ কৰাৰ লগতে ছাত্ৰ সমাজক সংগঠিত কৰি আগুৱাই নিয়াৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনোৱা হয়। আগন্তুক অধিৱেশনখন চৰাইদেউ জিলাৰ গোৰ্খা সমাজৰ বাবে এক উল্লেখযোগ্য সাংগঠনিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি সভাত আশাবাদ ব্যক্ত কৰা হয়।
প্ৰতিবেদক: অশোক লামা- সভাপতি, চৰাইদেউ জিলা সমিতি ।