All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #32
May 28, 2026

তামুলপুৰ জিলা গোর্খা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

📅 May 28, 2026
✍️ AAGSU
🕒 12:02 AM

তামুলপুৰ, ২৭ মেঃ তামুলপুৰ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহ আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা, তামুলপুৰ জিলা সমিতিৰ উদ্যোগত তথা তামুলপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত বিশেষ অভিনন্দন অনুষ্ঠান তথা শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়। জানিব পৰা মতে, তামুলপুৰ জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি টংক ভট্টৰাইৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে সাধাৰণ সম্পাদক বিপ্লৱ চিমৰীয়াই। কাৰ্যসূচী মতে, দিনৰ ১২ বজাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হোম চুব্বাই বন্তি প্ৰজ্বলন কৰাৰ

পিছতে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এই বছৰো ২০২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত জিলাখনৰ ভিতৰত শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হোৱা গোৰ্খা জনগোষ্ঠীৰ ২০ গৰাকীকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত উৎসাহ যোগোৱাৰ উদ্দেশ্যে গোর্খা খাদা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নেপালী মাতৃভাষা বিষয়ত সৰ্বোচ্চ ৯৬ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰী সীমা নেপালকো বিশেষভাৱে অভিনন্দন জনোৱা হয়। ইয়াৰোপৰি তামুলপুৰ আঞ্চলিক সমিতিয়ে তামুলপুৰ অঞ্চলৰ কেইবাগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থকা বি.বি কিষাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শিক্ষা উপদেষ্টা ৰোশন গুৰুঙে অভিনন্দিত ছাত্র-ছাত্রীসকলক উদ্দেশ্যি শৈক্ষিক দিশত বহুমূলীয়া বক্তব্য দাঙি ধৰে। আনহাতে, এই অনুষ্ঠানত তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ৰাজু তামাঙক বিদায় সম্বৰ্ধনা

জনোৱা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহান। অনুষ্ঠানটোত অতিথি হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক জন কুমাৰ চৌহান, বিটিচি ক্ষেত্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু সুবেদী, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় তথ্য সম্পাদক ডুলুজিৎ দাস, সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন কলিতা, নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জীৱন বসুমতাৰী, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সভাপতি নৰেন কাৰ্কী, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ সভাপতি টেক বাহাদুৰ ছেত্ৰী আৰু আত্মসমৰ্পণকাৰী ইউজিপিওৰ শীৰ্ষ পৰ্যায়ৰ নেতা সুৰেশ ঘিমিৰেকে প্ৰমুখ্যে কৰি জিলাখনৰ বিভিন্ন দল-সংগঠনৰ বহু কেইগৰাকী প্রাক্তন-বর্তমানৰ বিষয়ববীয়াসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

প্ৰতিবেদক: বিপ্লৱ চিমৰীয়া- সাধাৰণ সম্পাদক, তামুলপুৰ জিলা সমিতি ।

📤 Share this story
Scroll to Top