📰 AAGSU e-Bulletin
Issue #45
August 27, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মানমৌ কুঁহিয়াৰবাৰী শাখা সমিতি প্ৰতিনিধি সভা সম্পন্ন।

📅 August 27, 2026
✍️ AAGSU
🕒 12:06 AM

৯ আগষ্ট, ২০২৬ তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেটেতং–পাৱৈ বনগাঁও আঞ্চলিক সমিতিৰ অন্তৰ্গত মানমৌ কুঁহিয়াৰবাৰী শাখা সমিতিৰ প্ৰতিনিধি সভা তথা সজাগতা সভা সফলভাৱে সম্পন্ন হয়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে নতুন সভাপতি হিচাপে শ্ৰী ৰূপন ছেত্ৰী আৰু সাধাৰণ সম্পাদক হিচাপে শ্ৰী প্ৰদীপ ভুজেল নিৰ্বাচিত হয় আৰু নৱনিৰ্বাচিত বিষয়ববীয়াসকললৈ শুভেচ্ছা জ্ঞাপন কৰা হয়।

এই সভাত মুঠ ১৯ গৰাকী সদস্য উপস্থিত হৈ যোগদান কৰে। লগতে, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী শংকৰ জৈচি আৰু সহঃ-সাংস্কৃতিক সম্পাদক শ্ৰী বিষ্ণু শৰ্মা প্ৰমুখ্যে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি সাংগঠনিক শক্তি বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে।

প্ৰতিবেদকঃ শ্ৰী দিপু ছেত্ৰী, সহকাৰী সম্পাদক, কেটেতং-পাৱৈ বনগাওঁ আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top