📰 AAGSU e-Bulletin
Issue #45
August 27, 2026

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি খলিহৈ – কিৰিংবৰীত দৰং জিলা গোৰ্খা ছাত্ৰ সন্থাৰ গছপুলি ৰোপণ কাৰ্যসূচী

📅 August 27, 2026
✍️ AAGSU
🕒 12:05 AM

ছিপাঝাৰ, ১৮ আগষ্ট: দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু কিৰিংবৰী-হিৰাবাৰী আঞ্চলিক সমিতি আৰু কিৰিংবৰীৰ স্থানীয় ৰাইজৰ সহযোগত ছিপাঝাৰৰ ৰঙামাটি-কুৰুৱা ব্ৰহ্মপুত্ৰ মথাউৰিৰ নামনি অংশত এক গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। গছপুলি ৰোপণৰ এই মহৎ কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় ১৫০ টা বিভিন্ন প্ৰজাতিৰ মূল্যবান গছপুলি প্ৰদান কৰি ছাত্ৰ সন্থা তথা কিৰিংবৰীৰ স্থানীয় ৰাইজক উপকৃত কৰে কিৰিংবৰীৰ সুযোগ্য সন্তান, খলিহৈ আঞ্চলিক হাইস্কুলৰ প্ৰাক্তন কৃতী ছাত্ৰ, বৰ্তমান উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক, শিক্ষাবিদ ড° ললিত শ্ৰেষ্ঠই।
গছপুলি ৰোপণৰ আগমুহূৰ্তত কিৰিংবৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক দিপক ভট্টৰায়ৰ সঞ্চালনাত অনুষ্ঠিত পৰিৱেশ সম্পৰ্কীয় এক সজাগতা অনুষ্ঠানত দৰং জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক কুমাৰ শৰ্মা, সভাপতি হৰি কাৰ্কী, সম্পাদক মনোজ চুব্বা, কিৰিংবৰী-হিৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি নৱৰাজ ছেত্ৰী আৰু সাধাৰণ সম্পাদক ৰোহন ছেত্ৰী, কিৰিংবৰী সাৰদা ভাই ভাই জ্যোতি সংঘৰ সম্পাদক জ্যোতি প্ৰসাদ ভট্টৰায় আদি উপস্থিত থাকি পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সুন্দৰ আৰু উপযোগী বক্তব্য আগবঢ়ায়। সজাগতা সভা তথা গছপুলি ৰোপণ কাৰ্যসূচীত সংগঠনটোৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজে সক্ৰিয় সহযোগ কৰে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এনে মহৎ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দৰং জিলা গোৰ্খা ছাত্ৰ সন্থা তথা কিৰিংবৰী-হিৰাবাৰী আঞ্চলিক সমিতিক স্থানীয় ৰাইজ তথা সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

প্ৰতিবেদক: শ্ৰী মনোজ চুব্বা, সাধাৰণ সম্পাদক, দৰং জিলা সমিতি।

📤 Share this story
Scroll to Top