All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #49
•
September 24, 2026

আগছু মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক জুবিন দিৱস পালন।

📅 September 24, 2026
✍️ AAGSU
🕒 12:06 AM

মাকুম, ১৯ ছেপ্টেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক জুবিন দিৱস আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শনিবাৰে সুন্দৰ নগৰস্থিত আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়।

গোৰ্খা নাৰী পৰিষদৰ সুন্দৰ নগৰ শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিতসকলে জুবিন গাৰ্গৰ সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদান স্মৰণ কৰি তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক যতন প্ৰধান, কাৰ্যালয় সম্পাদক মৃদুল শৰ্মা, স্বেচ্ছাসেৱক প্ৰধান সত্যজিৎ প্ৰধান, মাকুম আঞ্চলিক সমিতিৰ সভাপতি মিলন অধিকাৰীকে ধৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। লগতে গোৰ্খা নাৰী পৰিষদৰ সুন্দৰ নগৰ শাখা সমিতিৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যসকলৰ উপৰি বৃহত্তৰ সুন্দৰ নগৰৰ বহু সংখ্যক স্থানীয় ৰাইজে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে জুবিন গাৰ্গে অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান সৰ্বজনবিদিত। তেওঁৰ স্মৃতি আৰু সৃষ্টিক সজীৱ কৰি ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে শিল্পীগৰাকীৰ প্ৰতি অনুৰাগীসকলৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ প্ৰতিফলন ঘটায়।

প্ৰতিবেদক: মিলন অধিকাৰী-সভাপতি, মাকুম আঞ্চলিক সমিতি

📤 Share this story
Scroll to Top