
ৰঙাপৰা, ১৯ ছেপ্টেম্বৰ: ৰঙাপৰা আঞ্চলিক সমিতি আৰু ৰঙাপৰাৰ ৰাইজৰ যৌথ উদ্যোগত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ (দাদা)ৰ প্ৰথম বাৰ্ষিক “জুবিন দিৱস” উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনজিৎ হালৈৰ লগতে থানাৰ অন্যান্য বিষয়াসকল উপস্থিত থাকি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত ২ নং ৱাৰ্ডৰ কমিছনাৰ খিনমায়া সোণাৰী, ৰঙাপৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ৰাজেন ছুব্বা, সভানেত্ৰী সুনিপা ৰানা, উপ-সভানেত্ৰী শৰ্মিলা থাপা, উপ-সভাপতি অবিনাশ ছেত্ৰী, প্ৰচাৰ সম্পাদক পাৰ্বতী গুৰুঙ, লাচিতৰ লগতে AATSA সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
ৰঙাপৰাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। সকলোৱে একেলগে “জুবিন দিৱস” পালন কৰি অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ জুবিন গাৰ্গে আগবঢ়োৱা অনন্য অৱদানক স্মৰণ কৰে। অনুষ্ঠানটোৱে ৰাইজৰ মাজত এক আৱেগিক আৰু শ্ৰদ্ধাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰতিবেদক : সুনিপা ৰানা, সভানেত্ৰী, ৰঙাপৰা আঞ্চলিক সমিতি