All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #55
•
November 5, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা উদ্যোগত ভাৰতৰ পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা আৰু শিশুৰ সৰ্বাংগীণ বিকাশত অভিভাৱকৰ ভূমিকা সন্দৰ্ভত বিশেষ আলোচনা সভা সম্পন্ন।

📅 November 5, 2026
✍️ AAGSU
🕒 12:02 AM

গুৱাহাটী, ২৮ অক্টোবৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ সহযোগত Viraj International School, Boisar, Disar-ৰ উদ্যোগত আজি গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল নন্দনত “Changing Prospects of Education Scenario in India and Role of Parents” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ শিক্ষা বিষয়ক বিশেষ আলোচনা সভা অনুষ্ঠিত হয়।

উক্ত আলোচনা সভাত অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভূজেল, ভাৰতীয় গোৰ্খা পৰিসংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰকাশ দাহাল আৰু Viraj International School-ৰ অধ্যক্ষ দেৱ উপাধ্যায়ৰ লগতে শিক্ষা আৰু সমাজৰ সৈতে জড়িত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা ডেৰাডুনৰ The Doon School-ৰ প্ৰাক্তন উপ-প্ৰধান শিক্ষক জয়ন্ত হৰিহৰ লালে সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাৰতৰ পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা, শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা নতুন সম্ভাৱনা আৰু শিশুসকলৰ সৰ্বাংগীণ বিকাশত অভিভাৱকৰ ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ শিক্ষাৰ পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাই শিশুসকলক উপযুক্ত দিশ-নিৰ্দেশনা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শৈক্ষিক, মানসিক আৰু ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত অভিভাৱকসকলৰ দায়িত্বৰ ওপৰত আলোকপাত কৰে।

বৰ্তমান সময়ত শিক্ষাৰ গুণগত মান উন্নত কৰা, শিক্ষাৰ্থীসকলৰ বাবে উপযুক্ত শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা আৰু অভিভাৱক তথা শিক্ষকৰ মাজত সুসমন্বয় গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আলোচনা সভাখনত বিশেষভাৱে প্ৰতিফলিত হয়।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰে যে এনে ধৰণৰ আলোচনা সভাই শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষাবিদসকলৰ মাজত শিক্ষাকেন্দ্ৰিক সজাগতা বৃদ্ধি কৰাৰ লগতে শিশুসকলৰ উজ্জ্বল আৰু সুৰক্ষিত ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব।

প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি।

📤 Share this story
Scroll to Top