
অহা ২১-২২ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন
তামুলপুৰ, ১৮ নৱেম্বৰঃ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পূৱ ডেফেলীত গোৰ্খা জনগোষ্ঠীৰ ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু বৰ্ণাঢ্য পৰম্পৰাৰ সমাহাৰেৰে অনুষ্ঠিতব্য ২০ সংখ্যক বাৰ্ষিক ৰমাইলো তিহাৰ সমাৰোহ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন তথা ৰূপালী জয়ন্তী সমাৰোহক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে।
সংগঠনটোৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ছয়পত্ৰী তথা ভোলাঝাৰ শাখা সমিতিৰ সহযোগত অহা ইং ২১ আৰু ২২ নৱেম্বৰত ভোলাঝাৰ-বাঙালীপাৰা উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সমাৰোহ।
কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা অৰ্থাৎ ২১ নৱেম্বৰত পুৱা ৯ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। ইয়াৰ পিছতে পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ, ১০ বজাত বৃক্ষৰোপণ, ১০.৩০ বজাত কুইজ প্ৰতিযোগিতা আৰু দিনৰ ১২ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। বিয়লি ৩ বজাত সাহিত্য গোষ্ঠী, ৪.৩০ বজাত সাংস্কৃতিক প্ৰতিযোগিতা আৰু নিশা ৰমাইলো সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।
আনহাতে, দ্বিতীয় দিনা অৰ্থাৎ ২২ নৱেম্বৰত পুৱা ১০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, ১১.৩০ বজাত সাংগঠনিক কৰ্মশালা আৰু বিয়লি ৪ বজাত মুকলি সভা তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। সমাৰোহৰ অন্যতম বিশেষ আকৰ্ষণ হিচাপে নিশা ১০ বজাত সুদূৰ ছিকিমৰ জনপ্ৰিয় কণ্ঠশিল্পী নবীন গজমেৰ আৰু কৃতিকা শাসংকৰে নিজৰ বেণ্ডসহ সংগীতৰ মূৰ্চ্ছনাৰে উপস্থিত দৰ্শকক আপ্লুত কৰিব।
উল্লেখ্য যে, ৰূপালী জয়ন্তীৰ এই বিশেষ ক্ষণত গোৰ্খা জনগোষ্ঠীৰ বৰ্ণাঢ্য ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাক উদযাপনৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সমাৰোহখন আয়োজন কৰা হৈছে।
সমাৰোহৰ আটাইকেইটা কাৰ্যসূচীতে জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা আৰু স্বতঃস্ফূৰ্ত উপস্থিতি কামনা কৰিছে পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিশাল মৈনালী আৰু সাধাৰণ সম্পাদক দিগ্বিজয় লুঁইটেলৰ লগতে আদৰণি সমিতিৰ সভাপতি জগত প্ৰধান, কাৰ্যকৰী সভাপতি ছবিলাল ওলী আৰু যুটীয়া সম্পাদকদ্বয় দীপক চিটৌলা আৰু হেমন্ত সুবেদীয়ে।
প্ৰতিবেদকঃ বিপ্লৱ চিমৰীয়া,সাধাৰণ সম্পাদক, তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থা