
গোৱালপাৰা, ১৮ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), গোৱালপাৰা জিলা সমিতিৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ তথা দায়িত্বভাৰ অৰ্পণ অনুষ্ঠান আজি ১৮ নৱেম্বৰ, ২০২৬ তাৰিখে গোৱালপাৰা জিলাৰ মুখ্য কাৰ্যালয় ভানুভৱন, দুধনৈত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। জিলা সমিতিৰ সভাপতি নাৰায়ণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত নৱনিৰ্বাচিত বিষয়ববীয়া আৰু সদস্যসকলে সংগঠনৰ প্ৰতি নিষ্ঠা, সততা, দায়বদ্ধতা আৰু সাংগঠনিক আদৰ্শ বজাই ৰাখি কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।
অনুষ্ঠানত আগ্ছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ পোখ্ৰেল শৰ্মা, লাহিত ছেত্ৰী, সাংগঠনিক সম্পাদক অমৃত খড়কা গোৰ্খা, আইনী উপদেষ্টা ৰাম কুমাৰ শ্ৰেষ্ঠ, কেন্দ্ৰীয় সদস্য বিনোদ লামছাল, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি খড়্গ সোণাৰ, সম্পাদক কেশৱ শৰ্মা ভাণ্ডাৰী, অসম গোৰ্খা সন্মিলন গোৱালপাৰা জিলা সমিতিৰ সভাপতি মোহন লাল শৰ্মা, মুখ্য সম্পাদক উত্তম ছেত্ৰী, শিক্ষাগুৰু তথা সমাজসেৱক চন্দ্ৰ বাহাদুৰ ছেত্ৰী, প্ৰাক্তন সভাপতি চুৰামণি শৰ্মা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ৰোহিত লামছালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
শপত গ্ৰহণ অনুষ্ঠানত নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলে সংগঠনৰ নীতি-আদৰ্শ, সংবিধান আৰু সাংগঠনিক দায়িত্বৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি সমাজ, ছাত্ৰ-ছাত্ৰী আৰু গোৰ্খা জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰি যোৱাৰ শপত গ্ৰহণ কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নৱনিৰ্বাচিত সমিতিক শুভেচ্ছা জ্ঞাপন কৰি সংগঠনটোৰ সাংগঠনিক শক্তি বৃদ্ধি, ঐক্য বজাই ৰখা আৰু সমাজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।
শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ সাংগঠনিক কাম-কাজ অধিক গতিশীল আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত শ্ৰী ৰোহিত লামছালক জিলা সমিতিৰ মুখ্য উপদেষ্টা হিচাপে পুনৰ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে ড° সঞ্জয় শৰ্মাক আইনী উপদেষ্টা আৰু শ্ৰী অমৰ শৰ্মা তথা শ্ৰী বিষ্ণু উপাধ্যায়ক উপদেষ্টা হিচাপে মনোনীত কৰা হয়। এই মনোনয়নসমূহৰ জৰিয়তে জিলা সমিতিৰ সাংগঠনিক, আইনী আৰু পৰামৰ্শমূলক দিশসমূহ অধিক সুসংগঠিত কৰাৰ আশা প্ৰকাশ কৰা হয়।
নৱগঠিত জিলা সমিতিখনে আগন্তুক দিনত গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ লগতে জনগোষ্ঠীয় ঐক্য, অধিকাৰ আৰু সংগঠনৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সংকল্প গ্ৰহণ কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে নতুন নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰি তুলিবলৈ সকলো বিষয়ববীয়া আৰু সদস্যক ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
“ঐক্যই আমাৰ শক্তি, সহযোগিতাই আমাৰ আধাৰ আৰু সংগঠনেই আমাৰ পৰিচয়” এই মূলমন্ত্ৰক সাৰথি কৰি আগ্ছু গোৱালপাৰা জিলা সমিতিৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিয়ে নতুন উদ্যম, দায়িত্ববোধ আৰু সাংগঠনিক নিষ্ঠাৰে আগন্তুক দিনৰ কাম-কাজ আগবঢ়াই নিয়াৰ দৃঢ়তা প্ৰকাশ কৰে। অনুষ্ঠানটোৱে গোৱালপাৰা জিলাত আগ্ছুৰ সাংগঠনিক যাত্ৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে সংগঠনটোৰ ঐক্য, শৃংখলা আৰু ভৱিষ্যৎ কৰ্মপন্থাৰ প্ৰতি আশাবাদ সৃষ্টি কৰে।
প্ৰতিবেদক : নাৰায়ণ শৰ্মা, সভাপতি, গোৱালপাৰা জিলা সমিতি