
বিশ্বনাথ, ১৯ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), বিশ্বনাথ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে আজি বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী কৰবী শইকীয়া কৰণ আৰু জিলা আৰক্ষী অধীক্ষক শ্ৰী আশিফ আহমেদৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰি জিলাখনৰ বিভিন্ন জ্বলন্ত সমস্যা, জনসাধাৰণৰ স্বাৰ্থজড়িত বিষয় তথা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দাবী-দাৱা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।
সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে জিলাখনৰ বিভিন্ন সামাজিক, প্ৰশাসনিক আৰু জনস্বাৰ্থজড়িত সমস্যাসমূহ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে গোৰ্খা জনগোষ্ঠীৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। এই সন্দৰ্ভত বিশ্বনাথ জিলা গোৰ্খা সন্থাৰ তৰফৰ পৰা প্ৰস্তুত কৰা এখন স্মাৰক-পত্ৰ জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
উক্ত কাৰ্যসূচীত আগ্ছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল সুতাৰ, প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক লীলা ৰাই, বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি নবদীপ ছেত্ৰী, সাধাৰণ সম্পাদক চিন্ময় ৰিজাল, সহকাৰী সম্পাদক বিবেক খাতিৱড়া, সাংগঠনিক সম্পাদক বিকাশ শৰ্মা, বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ সভাপতি পৱন ছেত্ৰী, ৰাজগড় আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মধু ছেত্ৰী আৰু বিশ্বনাথ মহাবিদ্যালয় গোটৰ উপ-সভাপতি হিতেশ গৌতম উপস্থিত থাকে।
প্ৰতিনিধি দলটোৱে উত্থাপন কৰা বিষয়সমূহ জিলা প্ৰশাসনে গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে জনসাধাৰণৰ অধিকাৰ, সুৰক্ষা, ন্যায় আৰু সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত আগন্তুক দিনতো আগ্ছুৱে নিজৰ গণমুখী আৰু দায়বদ্ধ ভূমিকা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
প্ৰতিবেদক : শ্ৰী নবদ্বীপ ছেত্ৰী, সাধাৰণ সম্পাদক, বিশ্বনাথ জিলা সমিতি ।