All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #58
•
November 26, 2026

ভানু ভৱন পৰিচালনা সমিতি আৰু মিছামাৰী ৰাইজৰ উদ্যোগত অনুষ্ঠিত তিহাৰ সন্মিলনত আগছুৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়াৰ অংশগ্ৰহণ

📅 November 26, 2026
✍️ AAGSU
🕒 12:05 AM

মিছামাৰী, ২৩ নৱেম্বৰ, ২০২৬: ভানু ভৱন পৰিচালনা সমিতি আৰু মিছামাৰী ৰাইজৰ উদ্যোগত আয়োজিত পৰম্পৰাগত গোৰ্খা সাংস্কৃতিক উৎসৱ তিহাৰ সন্মিলনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি নবদ্বীপ চেত্ৰীৰ লগতে জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত আগছুৰ বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত উপ-সভাপতি সংগীতা দেৱী, সাংগঠনিক সম্পাদক বিকাশ শৰ্মা আৰু বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মৌচুম শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিয়ে গোৰ্খা সমাজৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা আৰু সামাজিক সংহতিৰ প্ৰতি আগছুৰ দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰে।

অনুষ্ঠানত উপস্থিত থাকি আগছুৰ বিষয়ববীয়াসকলে গোৰ্খা সমাজৰ অন্যতম প্ৰধান আৰু আনন্দময় পৰম্পৰাগত উৎসৱ তিহাৰৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰে। তেওঁলোকে কয় যে তিহাৰ কেৱল ধৰ্মীয় উৎসৱতে সীমাবদ্ধ নহয়, বৰঞ্চ ই গোৰ্খা সমাজৰ ঐতিহ্য, পাৰস্পৰিক মৰম-চেনেহ, ভাতৃত্ববোধ, সামাজিক সম্প্ৰীতি আৰু পৰিয়ালৰ মাজৰ আত্মীয়তাৰ এক অনন্য প্ৰতিফলন। এই উৎসৱে সমাজৰ প্ৰতিগৰাকী ব্যক্তিক একতাৰ ডোলেৰে বান্ধি ৰখাৰ লগতে পৰস্পৰৰ মাজত সন্মান, সহযোগিতা আৰু সৌহাৰ্দ্যৰ মনোভাৱ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে।

তেওঁলোকে লগতে উল্লেখ কৰে যে বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱত বহু পৰম্পৰাগত ৰীতি-নীতি আৰু সাংস্কৃতিক মূল্যবোধ ক্ৰমান্বয়ে হেৰাই যোৱাৰ আশংকা দেখা দিছে। এনে পৰিস্থিতিত তিহাৰৰ দৰে পৰম্পৰাগত উৎসৱসমূহ সামূহিকভাৱে উদযাপন কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মক নিজৰ ভাষা, সাহিত্য, কলা-সংস্কৃতি, পৰম্পৰা আৰু জাতীয় পৰিচয়ৰ বিষয়ে অৱগত কৰাৰ লগতে এই অমূল্য সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে উৎসাহিত কৰিব পাৰি।

তিহাৰ সন্মিলনে মিছামাৰী অঞ্চলৰ গোৰ্খা ৰাইজৰ মাজত একতা, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। এনে অনুষ্ঠানৰ জৰিয়তে সমাজৰ বিভিন্ন প্ৰজন্মৰ লোকসকল একত্ৰিত হোৱাৰ সুযোগ লাভ কৰাৰ লগতে নিজৰ সাংস্কৃতিক পৰিচয়ক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত হয়। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত নিজৰ জাতীয় ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি আগ্ৰহ আৰু দায়বদ্ধতা বৃদ্ধি কৰাত এনে পদক্ষেপৰ ভূমিকা উল্লেখযোগ্য।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা এনে এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি গোৰ্খা সমাজৰ ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণৰ দিশত আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে ভানু ভৱন পৰিচালনা সমিতি আৰু মিছামাৰী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। লগতে অনাগত দিনতো এনেধৰণৰ সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচীৰ জৰিয়তে সমাজৰ ঐক্য, সংহতি আৰু সাংস্কৃতিক চেতনাক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনোৱা হয়।

প্ৰতিবেদক : নবদ্বীপ চেত্ৰী– সাধাৰণ সম্পাদক,বিশ্বনাথ জিলা সমিতি।

📤 Share this story
Scroll to Top