All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #58
•
November 26, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

📅 November 26, 2026
✍️ AAGSU
🕒 12:05 AM

টিংৰাই, ১৯ নৱেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ তিনিচুকীয়া জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ১৯ নৱেম্বৰ ২০২৬ তাৰিখে টিংৰাই আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে জিলাখনৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ কাম-কাজৰ পৰ্যালোচনা আৰু ভৱিষ্যৎ কাৰ্যপন্থা নিৰ্ধাৰণৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা হয়।

তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শ্ৰী দেৱ গুৰুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী শংকৰ জৈশীয়ে। সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী অশোক কুমাৰ লামা আৰু স্বাস্থ্য সম্পাদক শ্ৰী পত্ৰিকা লিম্বুৰ উপস্থিতিয়ে সভাখনৰ গুৰুত্ব অধিক বৃদ্ধি কৰে।

সভাত তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আৰু সংগঠনৰ সক্ৰিয় কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। উপস্থিত প্ৰতিনিধিসকলে নিজ নিজ আঞ্চলিক সমিতিৰ সাংগঠনিক স্থিতি, বৰ্তমানৰ কাৰ্যকলাপ আৰু সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মতামত ব্যক্ত কৰে।

সভাত সংগঠনৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ আঞ্চলিক সমিতিসমূহৰ সাংগঠনিক সক্ৰিয়তা বৃদ্ধি, সদস্যসকলৰ মাজত সমন্বয় আৰু সহযোগিতা সুদৃঢ় কৰা, সংগঠনৰ নীতি-আদৰ্শ আৰু লক্ষ্য-উদ্দেশ্য তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰণ কৰাৰ লগতে প্ৰতিটো আঞ্চলিক সমিতিক অধিক গতিশীল কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ উপৰি সংগঠনৰ ভৱিষ্যৎ কাৰ্যপন্থা, বিভিন্ন আঞ্চলিক সমিতিৰ সাংগঠনিক কাম-কাজৰ অগ্ৰগতি, দায়িত্বশীল বিষয়ববীয়াসকলৰ ভূমিকা আৰু জিলাখনত সংগঠনৰ কাৰ্যকলাপ অধিক বিস্তৃত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ সন্দৰ্ভতো উপস্থিত সদস্যসকলৰ মাজত মত-বিনিময় কৰা হয়।

সভাত উপস্থিত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলে সংগঠনৰ সাংগঠনিক শক্তি কেৱল সমিতি গঠনৰ মাজতে সীমাবদ্ধ নাৰাখি প্ৰতিগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। লগতে সংগঠনৰ ঐক্য, শৃংখলা, দায়বদ্ধতা আৰু পাৰস্পৰিক সহযোগিতাৰ মনোভাৱ অক্ষুণ্ণ ৰাখি আগন্তুক দিনসমূহত এক সুসংগঠিত আৰু শক্তিশালী সাংগঠনিক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনোৱা হয়।

উল্লেখযোগ্য যে, এনে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই জিলা আৰু আঞ্চলিক সমিতিসমূহৰ মাজত সাংগঠনিক সমন্বয় বৃদ্ধি কৰাৰ লগতে সংগঠনৰ কাম-কাজৰ মূল্যায়ন আৰু ভৱিষ্যৎ পৰিকল্পনা প্ৰস্তুত কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

প্ৰতিবেদক : মিলন অধিকাৰী-সভাপতি, মাকুম আঞ্চলিক সমিতি,

📤 Share this story
Scroll to Top