All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #57
•
November 19, 2026

বিশ্বনাথ জিলাৰ কেইবাটাও সামাজিক, সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যসূচীত আগ্ছু বিশ্বনাথ জিলা সমিতিৰ অংশগ্ৰহণ

📅 November 19, 2026
✍️ AAGSU
🕒 12:05 AM

বিশ্বনাথ, ১৮ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), বিশ্বনাথ জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন সামাজিক, সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে সামাজিক সম্প্ৰীতি, ভাষা-সাহিত্যৰ বিকাশ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি সংগঠনটোৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে। দিনটোৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আগ্ছুৰ প্ৰতিনিধিসকলে আয়োজক সমিতিসমূহক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানসমূহৰ সফলতা কামনা কৰে।

প্ৰথম কাৰ্যসূচী হিচাপে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত অহা ১৭, ১৮, ১৯ আৰু ২০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম সাংবাদিক সন্থাৰ ১৩ সংখ্যক দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত লাইখুঁটা স্থাপন কাৰ্যসূচীত আগ্ছু বিশ্বনাথ জিলা সমিতিৰ প্ৰতিনিধিসকলে উপস্থিত থাকে। সাংবাদিক সমাজৰ এই বৃহৎ আয়োজনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটোৰ সফল ৰূপায়ণৰ কামনা কৰে। লগতে সাংবাদিক সমাজৰ এনে উদ্যোগক প্ৰশংসা কৰি আগ্ছুৰ তৰফৰ পৰা সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা হয়।

ইয়াৰ পিছতে অসম নেপালী সাহিত্য সভাৰ বিশ্বনাথ শাখা সমিতিৰ উদ্যোগত আয়োজিত ১১৮ সংখ্যক মহাকবি লক্ষ্মীপ্ৰসাদ দেৱকোটা জয়ন্তী আৰু তিহাৰ সমাৰোহত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মহাকবি দেৱকোটাৰ কালজয়ী সাহিত্যিক অৱদান, নেপালী ভাষা আৰু সাহিত্যৰ বিকাশত তেওঁৰ অসামান্য ভূমিকা তথা সমাজৰ সাংস্কৃতিক চেতনাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ সাহিত্যৰ প্ৰাসংগিকতাৰ বিষয়ে স্মৰণ কৰা হয়। আগ্ছুৰ প্ৰতিনিধিসকলে ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণ তথা বিকাশৰ বাবে এনে অনুষ্ঠানসমূহৰ গুৰুত্ব অপৰিসীম বুলি মত প্ৰকাশ কৰে।

দিনটোৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী হিচাপে বিশ্বনাথ চাৰিআলিৰ আমবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় শ্ৰীশ্ৰী ছট পূজাৰ পৱিত্ৰ অনুষ্ঠানতো আগ্ছুৰ প্ৰতিনিধিসকলে উপস্থিত থাকি ভক্তপ্ৰাণ ৰাইজৰ সৈতে উৎসৱৰ আনন্দ ভাগ-বতৰা কৰে। পূজাৰ পৱিত্ৰ পৰিৱেশত সকলোৰে সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰাৰ লগতে ছট্ মাৰ আশীৰ্বাদে সমাজত ঐক্য, সম্প্ৰীতি আৰু মংগল কঢ়িয়াই আনক বুলি প্ৰাৰ্থনা জনোৱা হয়।

উক্ত সকলো কাৰ্যসূচীতে আগ্ছু বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত জিলা সভাপতি নবদীপ ছেত্ৰীৰ সৈতে সাংগঠনিক সম্পাদক বিকাশ শৰ্মা, ক্ৰীড়া সম্পাদক বিকাশ ঢাকাল, বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ সভাপতি পৱন ছেত্ৰী, সাধাৰণ সম্পাদক মৌচুম শৰ্মা, কমলীয়া আঞ্চলিক সমিতিৰ সভাপতি অনুজ অধিকাৰী আৰু সাধাৰণ সম্পাদক শিবা ছেত্ৰীয়ে উপস্থিত থাকি অনুষ্ঠানসমূহত সংগ দিয়ে।

আগ্ছু বিশ্বনাথ জিলা সমিতিৰ সভাপতি নবদীপ ছেত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, সংগঠনটোৱে সামাজিক সম্প্ৰীতি বজাই ৰখা, ভাষা-সাহিত্যৰ বিকাশত উৎসাহ যোগোৱা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো জিলাখনৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীত সক্ৰিয় সহযোগিতা অব্যাহত ৰাখিব। বিভিন্ন সামাজিক অনুষ্ঠানত আগ্ছুৰ উপস্থিতি আৰু অংশগ্ৰহণে সংগঠনটোৰ সামাজিক দায়বদ্ধতা তথা সমাজৰ সামূহিক বিকাশৰ প্ৰতি থকা নিষ্ঠাক প্ৰতিফলিত কৰে।

প্ৰতিবেদক : নবদীপ ছেত্ৰী, সাধাৰণ সম্পাদক, বিশ্বনাথ জিলা সমিতি

📤 Share this story
Scroll to Top