
তামুলপুৰ, ১৮ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ সমান্তৰালকৈ ৰাজ্যজুৰি গোৰ্খা জনগোষ্ঠীৰ লোকসকলেও পৰম্পৰাগতভাৱে উদযাপন কৰিলে পাঁচদিনীয়া তিহাৰ উৎসৱ। কাৰ্তিক মাহৰ কৃষ্ণ ত্ৰয়োদশীৰ পৰা শুক্ল পক্ষৰ দ্বিতীয়ালৈকে ‘যমপঞ্চক’ হিচাপে পালন কৰা এই উৎসৱৰ পাঁচটা দিন ক্ৰমে– কাগ তিহাৰ, কুকুৰ তিহাৰ, গাই তিহাৰ বা লক্ষ্মী পূজা, হলি তিহাৰ বা গোবৰ্ধন পূজা আৰু ভাইটিকা হিচাপে উদযাপন কৰা হয়। ধৰ্মীয় বিশ্বাস, লোকাচাৰ আৰু সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এই উৎসৱৰ প্ৰতিটো দিনতে প্ৰকৃতি, পশু-পক্ষী আৰু ভাতৃ-ভগ্নীৰ মাজৰ পাৰস্পৰিক মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ মনোভাৱ প্ৰতিফলিত হয়।
এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে তিহাৰ উৎসৱৰ অন্তিম দিনা তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পূৱ ডেফেলীৰ ভোলাঝাৰ বাঙালীপাৰাত অনুষ্ঠিত হয় ‘সম্প্ৰীতিৰ দেউচী’ শীৰ্ষক এক ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠান।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত দেউচী-ভৈলীৰ গীত আৰু নৃত্যৰ সুৰেৰে মুখৰিত হৈ পৰা অনুষ্ঠানটোত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে একেলগে দেউচী গীত-নৃত্য পৰিৱেশন কৰি তিহাৰৰ আনন্দ উপভোগ কৰাৰ লগতে ঐক্য, ভাতৃত্ববোধ, পাৰস্পৰিক বিশ্বাস আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। এই অনুষ্ঠানত বিভিন্ন ভাষা, ধৰ্ম আৰু সাংস্কৃতিক পৰিচয়ৰ লোকসকলৰ সমাৱেশে অঞ্চলটোৰ সাতামপুৰুষীয়া সামাজিক সমন্বয় আৰু সহাৱস্থানৰ ঐতিহ্যক পুনৰবাৰ প্ৰতিফলিত কৰে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উপদেষ্টা বিপ্লৱ চিমৰীয়াই আঁত ধৰা অনুষ্ঠানটোৰ সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ সক্ৰিয় অংশগ্ৰহণে ‘সম্প্ৰীতিৰ দেউচী’ক এক সাৰ্বজনীন সাংস্কৃতিক ৰূপ প্ৰদান কৰে। নিজৰ জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱক আন জনগোষ্ঠীৰ লোকসকলৰ সৈতে একেলগে উদযাপন কৰাৰ এই অভিনৱ প্ৰয়াসে সাংস্কৃতিক আদান-প্ৰদানৰ লগতে পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সম্প্ৰীতিৰ পৰিৱেশ অধিক সুদৃঢ় কৰি তোলে।
উক্ত অনুষ্ঠানত সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি গগণ বেজবৰুৱা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষী সিং গৌড়, পূৱ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভগৱান বেজবৰুৱা, সাধাৰণ সম্পাদক অনুপ ঠাকুৰীয়া, এজেৱাইচিপিৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি যতীন কুমাৰ, সদৌ বিটিচি বেংগলী ফেডাৰেচনৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সুনীল চৰকাৰৰ লগতে অঞ্চলটোৰ বিভিন্ন গোৰ্খা দল-সংগঠনৰ নেতৃবৰ্গ, বিশিষ্ট সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।
ইপিনে, গোৰ্খা জনগোষ্ঠীৰ স্বকীয় ভাষা, সাহিত্য, কলা-কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰখাৰ লগতে নিজৰ সাংস্কৃতিক ঐতিহ্য আন জনগোষ্ঠীৰ লোকসকলৰ সৈতে ভাগ-বতৰা কৰি সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে ঐক্য, ভাতৃত্ববোধ আৰু সহাৱস্থানৰ এক সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা অনুষ্ঠানটোত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে কাৰ্যসূচীটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিশাল মৈনালী আৰু সাধাৰণ সম্পাদক দ্বিগ্বীজয় লুঁইটেলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, পৰম্পৰাগত গীত, নৃত্য, আশীৰ্বাদ আৰু আনন্দ-উল্লাসৰ মাজেৰে পাঁচদিনীয়াকৈ উদযাপন কৰা তিহাৰ উৎসৱে গোৰ্খা জনগোষ্ঠীৰ স্বকীয় ভাষা, লোকসংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জীয়াই ৰখাত বিশেষ ভূমিকা পালন কৰি আহিছে। একেদৰে, এই উৎসৱৰ প্ৰতিটো পৰম্পৰাৰ মাজেৰে প্ৰকৃতি, পশু-পক্ষী আৰু মানৱীয় সম্পৰ্কৰ প্ৰতি জনগোষ্ঠীটোৰ মৰম, শ্ৰদ্ধা, কৃতজ্ঞতা আৰু আত্মীয়তাৰ মনোভাৱ সুন্দৰভাৱে প্ৰতিফলিত হয়।
প্ৰতিবেদকঃ বিপ্লৱ চিমৰীয়া, সাধাৰণ সম্পাদক, তামুলপুৰ জিলা সমিতি