All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #57
•
November 19, 2026

গোৰ্খা জনগোষ্ঠীৰ ভূমি অধিকাৰ, শিক্ষা আৰু ভাষা-সংস্কৃতিৰ সমস্যাসমূহ সমাধানৰ দাবীত বিধায়ক বিকন চন্দ্ৰ ডেকাক স্মাৰক-পত্ৰ আগ্ছু ওদালগুৰি জিলা সমিতিৰ।

📅 November 19, 2026
✍️ AAGSU
🕒 12:05 AM

টংলা, ১৫ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি জিলাৰ লগতে টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত টংলা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিকন চন্দ্ৰ ডেকাক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। জিলা সমিতিৰ সভাপতি বিকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰূপম আত্রেয়াৰ স্বাক্ষৰিত স্মাৰক-পত্ৰখনৰ জৰিয়তে জনগোষ্ঠীটোৰ ভূমি অধিকাৰ, শিক্ষা, ভাষা-সংস্কৃতিৰ প্ৰসাৰ আৰু হাতী-মানুহৰ সংঘাতৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ বিধায়কগৰাকীৰ দৃষ্টিগোচৰ কৰা হয়।

স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি, অসমৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশত গোৰ্খা জনগোষ্ঠীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। তথাপি জনগোষ্ঠীটোৱে ভূমি অধিকাৰৰ সুৰক্ষা, শিক্ষাৰ সুযোগ, নেপালী ভাষা, সাহিত্যৰ প্ৰসাৰ আৰু বিভিন্ন সামাজিক সমস্যাৰ ক্ষেত্ৰত এতিয়াও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।

আগ্ছুৱে উত্থাপন কৰা দাবীসমূহৰ ভিতৰত বিটিচি অঞ্চল আৰু ব্লকসমূহত সংৰক্ষিত শ্ৰেণী (Protected Class) সম্পৰ্কীয় অধিসূচনাৰ কাৰ্যকৰী ৰূপায়ণ অন্যতম। যোগ্য গোৰ্খা পৰিয়ালসমূহৰ বৈধ ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু ভূমি সম্পৰ্কীয় সমস্যাসমূহ আইনগত ব্যৱস্থাৰ অধীনত শীঘ্ৰে সমাধান কৰাৰ বাবে বিধায়কগৰাকীৰ হস্তক্ষেপ কামনা কৰা হৈছে।

আনহাতে, টংলা মহাবিদ্যালয়ত নেপালী বিষয়টো আধুনিক ভাৰতীয় ভাষা (MIL) হিচাপে প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰা লগতে নেপালী বিভাগ আৰম্ভণিৰ বাবে আহ্বান জনোৱা হয়। ইয়াৰ লগতে উপযুক্ত শিক্ষক নিযুক্তি আৰু প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি জিলাখনৰ বিভিন্ন অঞ্চলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, জৰুৰীকালীন সাহায্য আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি সময়মতে ক্ষতিপূৰণ প্ৰদানৰ দাবী জনোৱা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত টংলাস্থিত গোৰ্খা ছাত্ৰাবাসত ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত আৱাসিক সুবিধা, কম্পিউটাৰ, ইণ্টাৰনেট আৰু ই-বুকসহ এখন আধুনিক ডিজিটেল পুথিভঁৰাল স্থাপন কৰাৰ দাবী উত্থাপন কৰা হৈছে। লগতে ছাত্ৰাবাসটোৰ চৌহদত সুৰক্ষাৰ বাবে স্থায়ী পকী সীমা-দেৱাল আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণৰো দাবী জনোৱা হৈছে।

আগ্ছুৰ জিলা সমিতিয়ে উক্ত সমস্যাসমূহ সংশ্লিষ্ট বিভাগ আৰু চৰকাৰী কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়কগৰাকীৰ বিশেষ সহযোগিতা কামনা কৰিছে। জনগোষ্ঠীটোৰ ন্যায্য অধিকাৰ সুৰক্ষা, শৈক্ষিক বিকাশ আৰু সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত এই দাবীসমূহৰ ইতিবাচক বিবেচনা কৰি যথোচিত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে।

প্ৰতিবেদক: সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি ।

📤 Share this story
Scroll to Top