
গোগামুখ, ০১ নৱেম্বৰ: অসমৰ অন্যতম জনগোষ্ঠীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাং (TMPK)-ৰ উদ্যোগত গোগামুখ, ধেমাজিত অনুষ্ঠিত চতুৰ্থ ক্ৰীড়া মহোৎসৱ (4th Sports Carnival)-ৰ আজি অনুষ্ঠিত গৌৰৱময় সামৰণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী সোমৰাজ সোণাৰ।
অনুষ্ঠানত উপস্থিত থাকি সোণাৰে ক্ৰীড়াৰ সামাজিক আৰু শৈক্ষিক গুৰুত্বৰ বিষয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে ক্ৰীড়াই যুৱ সমাজৰ মাজত ঐক্য, শৃংখলাবোধ, ভ্ৰাতৃত্ববোধ আৰু নেতৃত্বৰ গুণ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ক্ৰীড়া মহোৎসৱে নৱপ্ৰজন্মক সুস্থ প্ৰতিযোগিতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজি, সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰী অধিক সুদৃঢ় কৰে বুলিও তেওঁ উল্লেখ কৰে।
এই উপলক্ষে সোণাৰে TMPK-ৰ সভাপতি শ্ৰী তিলক দলেৰ লগতে সংগঠনটোৰ সমূহ বিষয়ববীয়া, আদৰণি সমিতি, আয়োজকসকল, অংশগ্ৰহণকাৰী খেলুৱৈ আৰু সহযোগীসকলক এনে এক সুন্দৰ আৰু সফল ক্ৰীড়া মহোৎসৱ আয়োজন কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে এনে ক্ৰীড়া সমাৰোহে যুৱ প্ৰতিভাৰ বিকাশৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰি আহিছে।
প্ৰতিবেদক : সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি ।