All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #42
August 6, 2026

NEET, JEE Main আৰু IISER প্ৰৱেশ পৰীক্ষাত সফল অভিলেখ শৰ্মাক আগ্ছু পেঙেৰী আঞ্চলিক সমিতিৰ সম্বৰ্ধনা

📅 August 6, 2026
✍️ AAGSU
🕒 12:06 AM

পেঙেৰী, ৫ আগষ্ট: সৰ্বভাৰতীয় পৰ্যায়ৰ NEET, JEE Main আৰু IISER প্ৰৱেশ পৰীক্ষাত উল্লেখযোগ্য সফলতা অৰ্জন কৰি পেঙেৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী কুলদীপ শৰ্মা দেৱৰ সুযোগ্য সন্তান শ্ৰী অভিলেখ শৰ্মাক অখিল অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষে আগ্ছুৰ বিষয়ববীয়াসকলে অভিলেখ শৰ্মাৰ এই অসাধাৰণ সফলতাক উচ্চ প্ৰশংসা কৰি কয় যে, তেওঁৰ এই কৃতিত্বে কেৱল পৰিয়াল বা অঞ্চলটোকেই নহয়, সমগ্ৰ গোৰ্খা সমাজক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ মতে, অভিলেখৰ এই সফলতাই আগন্তুক প্ৰজন্মকো অধ্যয়ন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি অধিক উৎসাহিত কৰিব।

আগ্ছু পেঙেৰী আঞ্চলিক সমিতিয়ে অভিলেখ শৰ্মাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰাৰ লগতে তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অধিক সফলতা অৰ্জন কৰক বুলি শুভকামনা জ্ঞাপন কৰে।

প্ৰতিবেদক : বিৰাজ উপাধ্যায়, সাংগঠনিক সম্পাদক, আগ্ছু পেঙেৰী আঞ্চলিক সমিতি

📤 Share this story
Scroll to Top