All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #46
September 3, 2026

কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা সম্পন্ন

📅 September 3, 2026
✍️ AAGSU
🕒 12:07 AM

কলিয়াবৰ, ৩১ আগষ্ট ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), কলিয়াবৰ মহাবিদ্যালয় গোটৰ এখন গুৰুত্বপূৰ্ণ জৰুৰী কাৰ্যনিৰ্বাহক সভা আজি কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ উপ-সভাপতি শ্ৰী ঋত্বিক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা, শৈক্ষিক বিষয়, অধিকাৰ আৰু স্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাখনত কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ সাধাৰণ সম্পাদক শ্ৰী কল্যাণ নিৰোলা, নগাঁও জিলা AAGSUৰ উপদেষ্টা শ্ৰী লেখনাথ শৰ্মা, সভাপতি শ্ৰী ৰোহিত শৰ্মা, প্ৰচাৰ সম্পাদক শ্ৰী পংকজ নিৰোলা, উপ-সভাপতি শ্ৰী সুমিত থাপাৰ লগতে মহাবিদ্যালয় গোটৰ অন্যান্য বিষয়ববীয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ ক্ষেত্ৰত AAGSU গোটে পালন কৰিবলগীয়া ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহ ঐক্যবদ্ধভাৱে উত্থাপন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি সমাধানৰ পথ প্ৰশস্ত কৰাৰ ওপৰত সভাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ উপৰি, আগন্তুক দিনত কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ‘ৰামাইলো ভেটঘাট’ (Gorkha Freshman Social) অনুষ্ঠান সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। অনুষ্ঠানটোক সফল আৰু সুসংগঠিতভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি, দায়িত্ব বিভাজন আৰু সাংগঠনিক সহযোগিতাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়।

সভাত আগন্তুক কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। AAGSU কলিয়াবৰ মহাবিদ্যালয় গোটৰ ফালৰ পৰা নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ, স্বাৰ্থ আৰু কল্যাণক কেন্দ্ৰ কৰি এক সুসংগঠিত আৰু দায়িত্বশীল ছাত্ৰ নেতৃত্ব গঢ়ি তোলাৰ লক্ষ্যৰে আগন্তুক নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ সুৰক্ষা, শৈক্ষিক পৰিৱেশৰ উন্নতি, সাংগঠনিক ঐক্য আৰু নেতৃত্ব বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে আগন্তুক দিনসমূহত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে বিভিন্ন শৈক্ষিক, সামাজিক আৰু সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়েও আলোচনা কৰা হয়।

সভাৰ জৰিয়তে কলিয়াবৰ মহাবিদ্যালয়ত AAGSUৰ সাংগঠনিক কাৰ্যকলাপ অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ন্যায্য অধিকাৰ আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।

প্ৰতিবেদক : কল্যাণ নিৰোলা, সাধাৰণ সম্পাদক, কলিয়াবৰ মহাবিদ্যালয় গোট

📤 Share this story
Scroll to Top