All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #28
April 30, 2026

লক্ষীপথাৰত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

📅 April 30, 2026
✍️ AAGSU
🕒 12:06 AM

লক্ষীপথাৰ, 25 এপ্ৰিল: জিলাৰ লক্ষীপথাৰত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক গাম্ভীৰ্যপূৰ্ণ “বিশেষ অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়। জ্যেষ্ঠ নাগৰিক সন্থা লক্ষীপথাৰ আঞ্চলিক সমিতি, প্ৰগতি ফাউণ্ডেচন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লক্ষীপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আয়োজিত এই অনুষ্ঠান লক্ষীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা বহু কৃতি শিক্ষাৰ্থী, তেওঁলোকৰ অভিভাৱক আৰু অঞ্চলটোৰ সজাগ নাগৰিকসকল অনুষ্ঠানত উপস্থিত থাকে। উপস্থিত অতিথিসকলে শিক্ষাৰ্থীসকলক অভিনন্দন জনাই তেওঁলোকৰ আগন্তুক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বক্তাসকলে উল্লেখ কৰে যে এনে অনুষ্ঠান শিক্ষাৰ্থীৰ মনোবল বৃদ্ধি কৰাৰ লগতে সমাজত শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ বৃদ্ধি কৰে।

অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচা, প্ৰমাণপত্ৰ আৰু স্মাৰকৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ এই সাফল্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অভিভাৱক আৰু শিক্ষকসকলকো ধন্যবাদ জ্ঞাপন কৰা হয়।

স্থানীয় ৰাইজে এই পদক্ষেপৰ প্ৰশংসা কৰি ভৱিষ্যততো এনে উদ্যোগ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

প্ৰতিবেদক: মিলন অধিকাৰী-সভাপতি,মাকুম আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top