All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #28
April 30, 2026

তামুলপুৰ জিলাত গোৰ্খা ছাত্ৰ সন্থাৰ দ্বাৰা গোৰ্খা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা, শিক্ষাক্ষেত্ৰত উৎসাহজনক পৰিৱেশ।

📅 April 30, 2026
✍️ AAGSU
🕒 12:05 AM

তামুলপুৰ, ২৫ এপ্ৰিল ২০২৬ঃ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ অন্তৰ্গত পূৱ ডেফেলী, নাগ্ৰীজুলি আৰু কুমাৰীকাটা আঞ্চলিকৰ অন্তৰ্গত সদ্য ঘোষিত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সৰ্বাধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গোৰ্খা জনগোষ্ঠীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বাৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
তামুলপুৰ জিলা সমিতিৰ সভাপতি শ্ৰী টংক ভট্টাৰাইৰ নেতৃত্বত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজক পক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ বাসগৃহত উপস্থিত হৈ গোৰ্খালী খদাৰে তেওঁলোকক সম্বৰ্ধনা জনায়।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আয়োজকসকলে শিক্ষাৰ্থীসকলৰ এই অসাধাৰণ সফলতাক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ অধ্যৱসায়, অধ্যয়নপ্ৰীতি আৰু শৃংখলাবোধৰ কথা বিশেষভাৱে উল্লেখ কৰে। তেওঁলোকে কয় যে, এই সফলতা কেৱল ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ পৰিয়াল, সমাজ আৰু সমগ্ৰ জিলাখনৰ বাবে এক গৌৰৱৰ বিষয়।

কাৰ্যসূচীৰ অংশ হিচাপে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ ভৱিষ্যৎ শিক্ষাজীৱন আৰু লক্ষ্য নিৰ্ধাৰণ সন্দৰ্ভত গঠনমূলক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত উচ্চ শিক্ষা লাভৰ বিভিন্ন সুযোগ-সুবিধা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, আৰু নিজ নিজ আগ্ৰহ অনুসৰি আগবঢ়াৰ প্ৰয়োজনীয়তা ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। লগতে, অভিভাৱকসকলৰ সৈতে অনুষ্ঠিত মত-বিনিময় সভাত শিক্ষাৰ ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়োৱা, ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে উপযুক্ত পৰিৱেশ সৃষ্টিৰ ওপৰত জোৰ দিয়া হয়।

বক্তাসকলে উল্লেখ কৰে যে, গাঁও-অঞ্চলৰ পৰা উঠে অহা এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই সাফল্য এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। তেওঁলোকৰ এই কৃতিত্বই আন বহু শিক্ষাৰ্থীকো আগন্তুক দিনত অধিক পৰিশ্ৰমী আৰু লক্ষ্যপ্ৰতিশ্ৰুত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

ইয়াৰ উপৰি, এই ধৰণৰ সম্বৰ্ধনা কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ আগবঢ়া পথত অধিক আত্মবিশ্বাস যোগায় বুলি মত প্ৰকাশ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰত এনে ইতিবাচক পদক্ষেপ অব্যাহত থাকিলে তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই আগন্তুক দিনত আৰু অধিক সংখ্যক মেধাৱী শিক্ষাৰ্থী সৃষ্টি কৰিব পাৰিব বুলি সংশ্লিষ্ট মহলৰ আশা।

উল্লেখ্য যে, এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ প্ৰতি এক সুস্থ, উৎসাহজনক আৰু প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আয়োজক পক্ষই সংকল্প গ্ৰহণ কৰিছে।

📤 Share this story
Scroll to Top