All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #32
May 28, 2026

চিলাসুঁতিত আগছুৰ উদ্যোগত কৃতী শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে সম্পন্ন

📅 May 28, 2026
✍️ AAGSU
🕒 12:06 AM

চিলাসুঁতি, ২৭ মে’ঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, চিলাসুঁতি আঞ্চলিক সমিতিৰ উদ্যোগত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা শৈক্ষিক অভিনন্দন অনুষ্ঠানটি যোৱা ২৪ মে’ তাৰিখে চিলি গোলাই গোৰ্খা ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সফলতাৰে সম্পন্ন হয়। অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সমাজকৰ্মী তথা গোৰ্খা সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিক বিশেষভাৱে সজীৱ কৰি তোলে।

অনুষ্ঠানৰ আৰম্ভণিতে আগছুৰ পতাকা উত্তোলন আৰু সংগঠনীয় শ্লোগানেৰে পৰিৱেশ মুখৰিত হৈ উঠে। ইয়াৰ পিছতে উপস্থিত অতিথি আৰু কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বহু শিক্ষাৰ্থীক মঞ্চলৈ আহ্বান জনাই আনুষ্ঠানিকভাৱে সন্মানিত কৰা হয়।

অনুষ্ঠানত বক্তাসকলে কয় যে শিক্ষাই সমাজ গঠনৰ মূল ভেটি। আজিৰ শিক্ষাৰ্থীসকলেই আগন্তুক দিনত সমাজ আৰু জাতিক নেতৃত্ব দিব। সেয়ে শিক্ষাৰ্থীসকলক অধ্যৱসায়, শৃংখলা আৰু মানৱীয় মূল্যবোধক সাৰথি কৰি আগবাঢ়িবলৈ আহ্বান জনোৱা হয়। বক্তাসকলে লগতে উল্লেখ কৰে যে গোৰ্খা ছাত্ৰ সন্থাই কেৱল ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ বাবেই নহয়, শিক্ষামূলক আৰু সামাজিক ক্ষেত্ৰতো সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে।

অনুষ্ঠানত উপস্থিত অভিভাৱকসকলেও আগছুৰ এই পদক্ষেপক শলাগ লয় আৰু এনে অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকল অধিক উৎসাহিত হোৱাৰ কথা প্ৰকাশ কৰে। সম্বৰ্ধনা লাভ কৰা শিক্ষাৰ্থীসকলেও সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ভবিষ্যততো অধিক অধ্যৱসায়েৰে আগবাঢ়ি যোৱাৰ সংকল্প ব্যক্ত কৰে।

অনুষ্ঠানটোৰ সামগ্ৰিক পৰিচালনা চিলাসুঁতি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে সুচাৰুৰূপে সম্পন্ন কৰে। শেষত সংগঠনটোৰ তৰফৰ পৰা সকলো অতিথি, শিক্ষাৰ্থী, অভিভাৱক আৰু শুভাকাঙ্ক্ষীক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনতো শিক্ষামুখী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি ঘোষণা কৰা হয়।

প্ৰতিবেদক: অৰুন খতিৱৰা- সভাপতি, চিলাসুতী আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top