All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #38
July 9, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াৰ শপত গ্ৰহণ, ঐক্যবদ্ধভাৱে সংগঠন শক্তিশালী কৰাৰ আহ্বান

📅 July 9, 2026
✍️ AAGSU
🕒 12:05 AM

সোণাৰি, ৫ জুলাই: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) চৰাইদেউ জিলা সমিতিৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান দেওবাৰে সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সংগঠনৰ নতুন দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলে সংগঠনৰ সংবিধান, আদৰ্শ আৰু উদ্দেশ্য অনুসৰি নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰাৰ শপত গ্ৰহণ কৰে।

অনুষ্ঠানত চৰাইদেউ জিলা সমিতিৰ সভাপতি অশোক লামাই সভাপতিত্ব কৰে। অনুষ্ঠানৰ আঁত ধৰে জিলাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লাল বাহাদুৰ থাপাই। অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি কৃষ্ণ নেৱাৰ, কেন্দ্ৰীয় সম্পাদক অজয় কুমাৰ আলে আৰু সুৰজ থাপা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিৰাজ লিম্বু, টাওকাক হাইস্কুলৰ অধ্যক্ষ নৰ বাহাদুৰ বাৰা আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

কেন্দ্ৰীয় সম্পাদক অজয় কুমাৰ আলেৰ নেতৃত্বত শপত বাক্য পাঠ কৰোৱা হয়। সভাপতি অশোক লামা, সাধাৰণ সম্পাদক ৰামজী নেৱাৰ, উপ-সভাপতি তিলক কাৰ্কী ছেত্ৰী, ৰোহিত ৰাই, বিষ্ণু শৰ্মা, প্ৰেম ঠাকুৰৰ লগতে জিলা সমিতিৰ আন বিষয়ববীয়াসকলেও সংগঠনৰ স্বাৰ্থক সৰ্বাগ্ৰে স্থান দি নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ অংগীকাৰ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অতিথিসকলে কয় যে, ছাত্ৰ সংগঠন কেৱল ছাত্ৰ-ছাত্ৰীৰ সমস্যা উত্থাপন কৰা এক মঞ্চ নহয়, বৰং সমাজ গঠন, নেতৃত্ব বিকাশ, শিক্ষাৰ মানোন্নয়ন আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূৰ্ণ শক্তি। নতুন সমিতিয়ে সংগঠনৰ গৌৰৱময় ঐতিহ্য অক্ষুণ্ণ ৰাখি নতুন চিন্তা, নতুন উদ্যম আৰু সমন্বয়ৰ জৰিয়তে চৰাইদেউ জিলাত সংগঠনক অধিক শক্তিশালী কৰি তুলিব বুলি বক্তাসকলে আশা প্ৰকাশ কৰে।

অনুষ্ঠানৰ এক বিশেষ মুহূৰ্তত জিলাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লাল বাহাদুৰ থাপাক সংগঠনৰ হৈ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰি তেওঁৰ কাৰ্যকালত আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

সভাৰ অন্তত জিলা সভাপতি অশোক লামাই নিজৰ বক্তব্যত কয় যে, সংগঠনৰ শক্তি ঐক্য, শৃংখলা আৰু দায়বদ্ধতাৰ মাজতেই নিহিত হৈ আছে। তেওঁ সকলো বিষয়ববীয়াক ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বত থাকি দলীয় মনোভাৱেৰে সংগঠনৰ উন্নতিৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায়। আগন্তুক দিনত শিক্ষা, সমাজসেৱা, সাংগঠনিক সম্প্ৰসাৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে অধিক সক্ৰিয়ভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

গাম্ভীৰ্য আৰু উৎসাহমুখৰ পৰিৱেশত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানটোৱে চৰাইদেউ জিলা সমিতিৰ নতুন নেতৃত্বক এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰাৰ লগতে সংগঠনৰ ভৱিষ্যৎ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰিব বুলি উপস্থিতসকলে মত প্ৰকাশ কৰে।

প্ৰতিবেদক: অশোক লামা- সভাপতি, চৰাইদেউ জিলা সমিতি।

📤 Share this story
Scroll to Top