
নজিৰা, ২৭ জুলাই: মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু), পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত ২৭ জুলাইত শিৱসাগৰ জিলাৰ নজিৰা অঞ্চলৰ গৰুখুঁটি, বাহগড় সন্দিকৈ গাঁও আৰু পাৰ্শ্বৱৰ্তী বানপীড়িত অঞ্চলসমূহত এক সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে বানপীড়িত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী, কাপোৰ-কানি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। লগতে আগ্ছুৰ সদস্যসকলে বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ খবৰ লয় আৰু এই দুৰ্যোগৰ সময়ত সাহস আৰু সহমৰ্মিতা অটুট ৰাখিবলৈ আহ্বান জনায়।
আগ্ছু পেঙেৰী আঞ্চলিক সমিতিয়ে কয় যে, সমাজৰ দুৰ্দিনত অসহায় ৰাইজৰ কাষত থিয় দিয়াটো সংগঠনটোৰ সামাজিক দায়িত্বৰ এক অবিচ্ছেদ্য অংশ। বানপীড়িত লোকসকলৰ যন্ত্ৰণা আৰু ক্ষয়-ক্ষতি প্ৰত্যক্ষ কৰি সদস্যসকলে গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে আগন্তুক সময়তো দুৰ্যোগপীড়িত ৰাইজৰ সহায়ত সদায় আগবাঢ়ি অহাৰ সংকল্প ব্যক্ত কৰে।
উক্ত মানৱীয় সাহায্য কাৰ্যসূচী সফল কৰি তোলাত আৰ্থিকভাৱে, সামগ্ৰী যোগান ধৰি অথবা বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষীলৈ আগ্ছু পেঙেৰী আঞ্চলিক সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰতিবেদক : বিৰাজ উপাধ্যায়, সাংগঠনিক সম্পাদক, আগ্ছু পেঙেৰী আঞ্চলিক সমিতি