All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #55
•
November 5, 2026

প্ৰয়াত চন্দ্ৰকলা প্ৰধানৰ বাসগৃহত উপস্থিত হৈ আগছুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা।

📅 November 5, 2026
✍️ AAGSU
🕒 12:04 AM

তিনিচুকীয়া, ২ নৱেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী যতন প্ৰধানৰ সহধৰ্মিণী প্ৰয়াত চন্দ্ৰকলা প্ৰধানৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই।

উল্লেখ্য যে, যোৱা ২৫ অক্টোবৰত ইহলীলা সম্বৰণ কৰি পৰলোকগমন কৰা প্ৰয়াত চন্দ্ৰকলা প্ৰধানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আজি আগছুৰ এটি প্ৰতিনিধি দলে তিনিচুকীয়া জিলাৰ টেংপানী গাঁৱৰ গড়বস্তিস্থিত তেখেতৰ বাসগৃহত উপস্থিত হয়। প্ৰতিনিধি দলটোৱে প্ৰয়াতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

এই শোকাকুল মুহূৰ্তত আগছুৰ প্ৰতিনিধি দলটোৱে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰি পৰিয়ালটোৰ প্ৰতি সংগঠনটোৰ একাত্মতা প্ৰকাশ কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আগছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সতীৰ্থসকলৰ লগতে তিনিচুকীয়া জিলা সমিতি তথা সংশ্লিষ্ট আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰয়াত চন্দ্ৰকলা প্ৰধানৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক ভগৱানে শক্তি আৰু সাহস প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়।

প্ৰতিবেদক : সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, ওদালগুৰি জিলা সমিতি।

📤 Share this story
Scroll to Top